অভয়ম (ইংৰাজী: Shelter; অসমীয়া: আশ্ৰয়) হৈছে ১৯৯১ চনত মুক্তি লাভ কৰা এখন মালায়লম ভাষাশিশু চলচ্চিত্ৰশিশু চলচ্চিত্ৰ সমাজ, ভাৰতৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ৰচনা কৰে শিবু চক্ৰবৰ্তীয়ে আৰু পৰিচালনা কৰে শিৱমে। ছবিখনৰ মূল ভূমিকাকেইটা ৰূপায়ণ কৰে মধু, পাৰ্বতী জয়ৰাম, মাষ্টাৰ তৰুণ কুমাৰ, আৰু বেবী অম্বালীয়ে। ছবিখন হিন্দী ভাষামেঁ ফিৰ আওংগা নামেৰে ডাব কৰি মুক্তি দিয়া হয়।

অভয়ম
পৰিচালক শিৱান
ৰচনা শিবু চক্ৰবৰ্তী
প্ৰযোজক শিশু চলচ্চিত্ৰ সমাজ, ভাৰত
অভিনয়ত মধু,
পাৰ্বতী জয়ৰাম,
মাষ্টাৰ তৰুণ কুমাৰ,
ৰামচন্দ্ৰন,
বেবী অম্বালী
চিত্ৰগ্ৰহণকাৰী সন্তোষ শিৱন
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
মুক্তি
১৯৯১
দৈৰ্ঘ্য
৯৩ মিনিট
দেশ ভাৰত
ভাষা মালায়লম

ছবিখনৰ কাহিনী সম্পাদনা কৰক

আঠবছৰীয়া বিনু এটা প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কলাত্মক ভাৱৰ ল'ৰা। তাৰ মাক-দেউতাকে কিন্তু তাক বান্ধোনৰ মাজত ৰাখিবলৈ চেষ্টা কৰে। বিনুৱে তাৰ দৈনিক কাম-কাজবোৰ কৰোঁতে নিজকে সময়ৰ দাস যেন পায়। সি তাৰ ককাদেউতাক আৰু তেওঁৰ গাঁওখনৰ কথা ভাবি মনত শান্তি পায়। এদিন বিনু ঘৰৰপৰা পলাই যায়। যাত্ৰাপথত সি বহুধৰণৰ মানুহ লগ পোৱাৰ লগতে ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সম্মুখীন হয়। অৱশেষত সি নিজৰ গন্তব্যস্থান ককাদেউতাকৰ গাঁওখনত উপস্থিত হয়গৈ।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • মধু
  • পাৰ্বতী জয়ৰাম
  • মাষ্টাৰ তৰুণ কুমাৰ
  • ৰামচন্দ্ৰন
  • বেবী অম্বালী

পুৰস্কাৰ সম্পাদনা কৰক

অভয়ম ছবিখনে তলত উল্লিখিত পুৰস্কাৰসমূহ লাভ কৰে:

সপ্তম আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱ, ভাৰত
  • চিলভাৰ এলিফেণ্ট এৱাৰ্ড
  • বিশেষ জুৰীৰ বঁটা
৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ
ফিল্ম ফেষ্টিভেল ৰাগাজী, বেলিনজোনা, চুইজাৰলেণ্ড
  • "Environment and Quality of Life" পুৰস্কাৰ
প্ৰথম উৰুগুৱে শিশু চলচ্চিত্ৰ মহোৎসৱ
  • বিশেষ উল্লেখ আৰু পুৰস্কাৰৰ মৃণ্ময় প্ৰতিমা আৰু পৰিচালকলৈ প্ৰমাণ পত্ৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক