অসমীয়া বনৰীয়া চিকা (ইংৰাজী: Assam mole shrew, Anourosorex assamensis) কেৱল উত্তৰ-পূব ভাৰতত দেখা পোৱা এটা চিকাজাতীয় জন্তু।[1][2] এই জন্তুবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত। কিন্তু জন্তুবিধ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বহুলভাৱে বিস্তৃত বুলি ধাৰণা কৰা হয়।[3]

অসমীয়া বনৰীয়া চিকা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Eulipotyphla
পৰিয়াল: Soricidae
গণ: Anourosorex
প্ৰজাতি: assamensis
অসমীয়া বনৰীয়া চিকাৰ বিস্তৃতি

বিস্তৃতি সম্পাদনা কৰক

অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত ই স্থানিক জন্তু। জন্তুবিধ এই ৰাজ্যকেইখনত সাগৰ পৃষ্ঠৰ ১৫০০-৩১০০ মিটাৰ পৰ্য্যন্ত উচ্চতাত দেখা পোৱা যায়।[3]

আচৰণ সম্পাদনা কৰক

অসমীয়া বনৰীয়া চিকাই গাতৰ ভিতৰত বাস কৰে। জন্তুবিধ প্ৰাকৃতিক আৰু নগৰীয়া দুয়োবিধ পৰিবেশতে সহজে অভিযোজিত হৈ পৰা দেখা যায়। অধোক্ৰান্তীয় আৰু ক্ৰান্তীয় অৰণ্যৰ উপৰিও শিলাময় গুহা আৰু নলা-নৰ্দমাতো এই চিকাই বাস কৰে। এই বনৰীয়া চিকাৰ জনসংখ্যা সম্পৰ্কে কোনো তথ্য উপলব্ধ হোৱা নাই।[3]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 Molur, S. (2008). Anourosorex assamensis. https://www.iucnredlist.org/details/136802/0। আহৰণ কৰা হৈছে: 18 February 2009. 
  2. Hutterer, R. (2005). "Genus Anourosorex". In Wilson, D.E.; Reeder, D.M. Mammal Species of the World: A Taxonomic and Geographic Reference (তৃতীয় সম্পাদনা). Johns Hopkins University Press. পৃষ্ঠা. 220–311. ISBN 978-0-8018-8221-0. OCLC 62265494. http://www.departments.bucknell.edu/biology/resources/msw3/browse.asp?id=13700330. 
  3. 3.0 3.1 3.2 Molur, S. 2016. Anourosorex assamensis. The IUCN Red List of Threatened Species 2016: e.T136802A22311877. https://dx.doi.org/10.2305/IUCN.UK.2016-2.RLTS.T136802A22311877.en. Downloaded on 30 June 2020.