অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান৷ সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়৷ অসমৰ জাতীয় জীৱনৰ সৃষ্টি ধৰ্মী, বিকাশমুখী চেতনাৰ লগত নিজকে নিবিড় ভাৱে জড়িত কৰি নিজ কৰ্ম দক্ষতাৰে প্ৰভূত বৰঙণি যোগাই অহা ব্যক্তিৰ সাধনালব্ধ প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ২০০৯ চনৰ পৰা অসম ৰত্ন বঁটা প্ৰৱৰ্তন কৰিছে। এই বঁটাত আছে এখনি অংগ বস্ত্ৰ, এটি স্মৃতি চিহ্ন আৰু নগদ তিনি লাখ টকা। ২০০৯ বৰ্ষৰ বাবে ড॰ ভূপেন হাজৰিকাই প্ৰথমবাৰ এই বঁটা লাভ কৰে। শেহতীয়াকৈ বিশিষ্ট অসমীয়া বিজ্ঞানী ড॰ জিতেন্দ্ৰনাথ গোস্বামীক ২০১৫ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে।[1]

অসম ৰত্ন
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী সাধাৰণ
প্ৰতিষ্ঠা ২০০৯
অন্তিমবাৰ প্ৰদান ২০১৫
মুঠ প্ৰদানৰ সংখ্যা
প্ৰদানকৰ্তা অসম চৰকাৰ
প্ৰথম প্ৰাপক ড॰ ভূপেন হাজৰিকা
অন্তিম প্ৰাপক ড॰ জিতেন্দ্ৰনাথ গোস্বামী

বঁটা বিজয়ীসকলৰ তালিকা সম্পাদনা কৰক

নং নাম চন ক্ষেত্ৰ
ড॰ ভূপেন হাজৰিকা[2] ২০০৯ কলা  
ড॰ মামণি ৰয়ছম গোস্বামী[3] ২০১০ সাহিত্য  
ড॰ জিতেন্দ্ৰনাথ গোস্বামী[4] ২০১৫ বিজ্ঞান আৰু প্ৰযুক্তি  

তথ্যউৎস সম্পাদনা কৰক

  1. "পুৰস্কাৰ সমূহ, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, অসম চৰকাৰ, ভাৰত". সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, অসম চৰকাৰ. https://culturalaffairs.assam.gov.in/as/frontimpotentdata/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9। আহৰণ কৰা হৈছে: ২৯ এপ্ৰিল ২০২০. 
  2. "Asom Ratna". Assam Tribune. 
  3. "Mamoni Raisom chosen for Asom Ratna". Assam Tribune. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303225702/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb2211%2Fat06। আহৰণ কৰা হৈছে: 12 December 2012. 
  4. "Dr Jiten Goswami awarded Asom Ratna". Assam Tribune. Archived from the original on 11 October 2016. https://web.archive.org/web/20161011200315/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb2916%2Fat050। আহৰণ কৰা হৈছে: 11 May 2016.