আকাশ দীপ্ত ঠাকুৰ (ইংৰাজী: Akash Dipta Thakur) হৈছে এগৰাকী অসমীয়া লেখক। তেওঁ একাধাৰে কবি, গল্পকাৰ, অধ্যাপক আদি। ঠাকুৰ বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত । তেজ মঙহ শৰীৰ, বেলিফুলৰ ৰং, সাগ্নিক তেওঁৰ উল্লেখযোগ্য গল্পপুথি। বসুন্ধৰা, মৌচাককে ধৰি বিভিন্ন আলোচনীৰ তেওঁ নিয়মীয়া লিখক। ঠাকুৰলৈ ২০২৩ বৰ্ষৰ কিৰণ তামূলী শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে।

আকাশ দীপ্ত ঠাকুৰ
জন্ম বালিগাঁও, যোৰহাট, অসম
পেচা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত গল্পকাৰ, কবি
নাগৰিকত্ব ভাৰতীয়
ধৰণ সাহিত্য
বিষয় পদাৰ্থ বিজ্ঞান, অসমীয়া সাহিত্য
দাম্পত্যসংগী নৱনীতা বৰপূজাৰী