ইড্, ইগ' আৰু চুপাৰ ইগ'
ইড,ইগ' আৰু চুপাৰ ইগ' হ'ল মানৱ মনৰ তিনিটা গাঠনিক উপাদান বা শক্তি। মনোবিশ্লষণৰ জনক ছিগমুণ্ড ফ্ৰয়ডে মানৱ মনক বিশ্লেষণ কৰিবলৈ গৈ পোন প্ৰথমে মনটোক তিনিটা স্তৰত ভাগ কৰিছিল। চেতন মন, প্ৰাক-চেতন মন বা অৱচেতন মন আৰু অচেতন মন। কিন্তু মানৱ মনক বিশ্লেষন কৰিবলৈ ই স্বয়ংসম্পূৰ্ণ নোহোৱা যেন অনুভৱ কৰি তেওঁ মানৱ মনক নতুনকৈ বিভাজন কৰে। এই বিভাজন আগবঢ়ায় ১৯২৩ চনত প্ৰকাশিত তেওঁৰ বিখ্যাত “The Ego and The Id” নামৰ কিতাপ খনৰ জৰিয়তে। তেওঁ কৈছিল যে মানুহৰ ব্যক্তিত্ব বা আচৰণৰ ওপৰত নানা ধৰণৰ মানসিক শক্তিয়ে প্ৰভাৱ পেলায় আৰু এই তিনিটা শক্তি হ'ল ক্ৰমে ইড(Id), ইগ'(Ego) আৰু চুপাৰ ইগ' (Super ego)।
ইডই হৈছে মানৱ মনৰ মৌলিক স্তৰ,য'ত মানৱ মনৰ সকলোবোৰ শক্তি নিহিত হৈ থাকে। ইগ' আৰু চুপাৰ ইগ' ইডৰেই স্তৰভেদহে। ইগ' আৰু চুপাৰ ইগ'ৰ নিজা শক্তি নাই ইহঁতে ইডৰ শক্তিৰেহে জীয়াই থাকে।উল্লেখ্য যে ইড,ইগ' আৰু চুপাৰ ইগ' এই মানহৰ মনৰ গঠনক বুজিবলৈ কৰিলোৱা একো-একেটা ধাৰণাহে,এইবোৰ মগজুৰ কোনো অংশ নহয়।
তথ্য সংগ্ৰহ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
- American Psychological Association
- Sigmund Freud and the Freud Archives Archived 2021-10-23 at the Wayback Machine
- Section 5: Freud's Structural and Topographical Model Archived 2011-09-03 at the Wayback Machine, Chapter 3: Personality Development Psychology 101.
- An introduction to psychology: Measuring the unmeasurable
- Splash26,
- Sigmund Freud
- Sigmund Freud's theory (Russian)
- Education portal's lesson on the id, ego, and superego
- Information on Charcot, Freud's teacher and mentor
- Background information on Freud