{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Acer|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

জাপানীজ মেপল (ইংৰাজী: palmate maple) [3] বা মসৃণ জাপানীজ মেপল বা এচাৰ পালমেটাম (বৈজ্ঞানিক নাম: Acer palmatum) জাপান, কোৰিয়া, চীন, পূব মংগোলিয়া আৰু দক্ষিণ-পূব ৰাছিয়াৰ স্থানীয় উদ্ভিদৰ এক প্ৰজাতি। এই মেপলৰ বহুতো ভিন ভিন জাত নিৰ্বাচন কৰা হৈছে আৰু ইয়াৰ দৃষ্টিনন্দন ৰূপ, পাতৰ আকৃতি আৰু দৰ্শনীয় ৰঙৰ বাবে সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়।[4]

এচাৰ পালমেটাম
জাপানীজ মেপল
Foliage
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Acer
প্ৰজাতি: A. palmatum
দ্বৈৰাশিক নামকৰণ
Acer palmatum
Thunb. 1784 not Raf. 1836
সমাৰ্থক[2]
তালিকা
  • Acer amoenum Carrière
  • Acer ornatum Carrière
  • Acer pinnatifidum Dippel
  • Acer polymorphum Siebold & Zucc. 1845 not Spach 1834
  • Acer pulverulentum Dippel
  • Acer ribesifolium Dippel
  • Acer roseomarginatum (Van Houtte) Koidz.
  • Acer sanguineum Carrière 1867 not Spach 1834
  • Acer septemlobum Thunb.
  • Acer sessilifolium Siebold & Zucc.
  • Negundo sessilifolium Miq.
  • Acer matsumurae (Koidz.) Koidz.

বিৱৰণ সম্পাদনা কৰক

এচাৰ পালমেটাম পৰ্ণপাতী, গুল্মজাতীয় বা সৰু বৃক্ষৰ দৰে ৬-১০ মিটাৰ (২০-৩৩ ফুট) পৰ্যন্ত উচ্চতাৰ হ'ব পাৰে। অৱশ্যে বৰ কম পৰিমাণে পৰিপক্ব অৱস্থাত ই ১৬ মিটাৰ (৫২ ফুট) দৈৰ্ঘ্যৰ আৰু ৪.৫ to ১০ মিটাৰ (১৫-৩৩ ফুট) প্ৰস্থৰ হ'ব পাৰে।[5] প্ৰায়ে ছাঁয়াময় বনাঞ্চলত গছৰ তলত এই মেপলবিধ গজি উঠে। মাটিৰ ওচৰত গছজোপাৰ একাধিক ডাল সংযোগ হ’ব পাৰে। বিশেষকৈ পৰিপক্ব অৱস্থাত ইয়াৰ শীৰ্ষ ভাগটোৱে প্ৰায়ে গম্বুজৰ দৰে ৰূপ লয়।[6] পাতবোৰ হৈছে  দীঘল আৰু বহল, আৰু পাঁচটা শিৰযুক্ত। ফুলবোৰ সৰু সৰু দণ্ডত উৎপন্ন হয়। একোপাহ ফুলৰ পাঁচটা ৰঙা বা বেঙুনীয়া ৰঙৰ চুপহি আৰু পাঁচটা বগা ৰঙৰ পাহি থাকে। এচাৰ পালমেটাম আৰু অনুৰূপ প্ৰজাতিৰ বীজবোৰ অংকুৰিত হ'বলৈ স্তৰীয়কৰণৰ (ইংৰাজী: stratification) প্ৰয়োজন হয়।[6][7]

জাপানীজ মেপলে আনকি প্ৰাকৃতিকভাৱেও যথেষ্ট জিনীয় তাৰতম্য প্ৰদৰ্শন কৰে। একেজোপা মাতৃ গছৰ পুলিবোৰতো সাধাৰণতে পাতৰ আকাৰ, আকৃতি আৰু ৰঙৰ দৰে বৈশিষ্ট্যৰ পাৰ্থক্য দেখা যায়। গছৰ সামগ্ৰিক ৰূপ উলম্বৰ পৰা হাওলি পৰালৈকে ভিন্ন প্ৰকাৰৰ হ’ব পাৰে। [6]

জাপানীজ মেপলৰ তিনিটা উপপ্ৰজাতিয়ে স্বীকৃতি লাভ কৰিছে।[6][7]

কৃষি আৰু ব্যৱহাৰ সম্পাদনা কৰক

 
শ্বিমোগামো-জিঞ্জা প্ৰজাতি
 
নিচন-ইন প্ৰজাতি

জাপানত শতিকাজুৰি আৰু বিশ্বৰ নাতিশীতোষ্ণ অঞ্চলসমূহত ১৮০০ চন মানৰ পৰাই জাপানীজ মেপলৰ খেতি কৰি অহা হৈছে।[6] ১৮২১ চনত প্ৰথমবাৰৰ বাবে এই গছৰ নমুনা ব্ৰিটেইনত উপস্থিত হয়।

জাপান, কোৰিয়া আৰু চীনত পোৱা মেপলৰ পৰা জাপানী উদ্যান শস্যবিদসকলে দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰজাতিৰ সৃষ্টি কৰি আহিছে। এইসমূহ বনছাই[8] অনুৰাগীসকলৰ মাজত জনপ্ৰিয় আৰু ই দীৰ্ঘদিন ধৰি শিল্পৰ বিষয় হিচাপে পৰিগণিত হৈ আহিছে।

জাপানীজ মেপলৰ ডাল আৰু পাতৰ পৰা তৈয়াৰী ঔষধ চীনৰ পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা হয়।[9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Barstow, M.; Crowley, D. (2017). Acer palmatum. 2017. p. e.T193845A2285627. doi:10.2305/IUCN.UK.2017-3.RLTS.T193845A2285627.en. 
  2. "Acer palmatum Thunb. — The Plant List". www.theplantlist.org. http://www.theplantlist.org/tpl1.1/record/kew-2616153. 
  3. English Names for Korean Native Plants. প্ৰকাশক Pocheon: Korea National Arboretum. 2015. পৃষ্ঠা. 334. ISBN 978-89-97450-98-5. Archived from the original on 25 May 2017. https://web.archive.org/web/20170525105020/http://www.forest.go.kr/kna/special/download/English_Names_for_Korean_Native_Plants.pdf। আহৰণ কৰা হৈছে: 25 January 2016. 
  4. Philips, Roger (1979).
  5. "Japanese maple". The Morton Arboretum. https://www.mortonarb.org/trees-plants/tree-plant-descriptions/japanese-maple। আহৰণ কৰা হৈছে: 2020-07-20. 
  6. 6.0 6.1 6.2 6.3 6.4 van Gelderen, C.J. & van Gelderen, D.M. (1999).
  7. 7.0 7.1 Rushforth, K. (1999).
  8. D'Cruz, Mark. "Acer palmatum Bonsai Care Guide". Ma-Ke Bonsai. Archived from the original on 17 June 2010. https://web.archive.org/web/20100617131223/http://www.makebonsai.com/guide/bonsailink.asp?quicklink=5021&name=Acer_palmatum। আহৰণ কৰা হৈছে: 2010-11-26. 
  9. "Acer palmatum Thunb.". School of Chinese Medicine database. Hong Kong Baptist University. Archived from the original on March 3, 2016. https://web.archive.org/web/20160303222705/http://libproject.hkbu.edu.hk/was40/detail?lang=en&channelid=1288&searchword=herb_id%3DD00973.