এলি আভৰাম (সাঁচ:Lang-sv; পূৰ্বে এলিজাবেট আভৰামিড'; ২৯ জুলাই, ১৯৯০[1]) বৰ্তমান ভাৰতমুম্বাইত বসবাস কৰা এগৰাজী চুইডিছ গ্ৰীক অভিনেত্ৰী।[2] তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত আৰু মিকী ভাইৰাছ নামৰ বোলছবিৰ জৰিয়তে বলিউডত খোজ পেলাব। তেওঁ বৰ্তমান টেলিভিজনৰ অনুষ্ঠান বিগ্‌ বছৰ সপ্তম চিজনত অংশগ্ৰহণ কৰিছে।[3]

এলি আভৰাম

২০১৩ চনৰ জুলাইত মিকী ভাইৰাছৰ প্ৰথম দৰ্শন মুকলি অনুষ্ঠানত এলি
জন্ম জুলাই ২৯ , ১৯৯০ (৩৩ বছৰ)
ষ্টকহ'ম, চুইডেন
ৰাষ্ট্ৰীয়তা চুইডিছ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৮-বৰ্তমানলৈকে
জনা যায় বিগ্‌ বছ ৭, হিন্দী আৰু চুইডিছ বোলছবি

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৯০ চনৰ ২৯ জুলাইত চুইডেনষ্টকহ'মত এলি আভৰামৰ জন্ম হয়। তেওঁৰ গ্ৰীক পিতৃ জেনিছ আভৰামিডিছ এজন সংগীতজ্ঞ আৰু তেওঁৰ চুইডীয় মাতৃ মাৰিয়া গ্ৰেনল্ড এগৰাজী প্ৰখ্যাত অভিনেত্ৰী। মাৰিয়া গ্ৰেনল্ডে ইংমাৰ বাৰ্গমেনঅস্কাৰ বিজয়ী বোলছবি "ফেনী অণ্ড আলেকজেণ্ডাৰ" অভিনয় কৰিছিল।[2] এলিয়ে ষ্টকহ'মৰ ফ্ৰান্স চাৰ্টাউ হাইস্কুলত সমাজ-অৰ্থনীতিত শিক্ষা গ্ৰহণ কৰে। সৰুৰে পৰা তেওঁ ফিগাৰ স্কেটিং, গান গোৱা আৰু নৃত্যৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ মাক আৰু চুইডেনতে এখন থিয়েটাৰ পৰিচালনা কৰা মাহীয়েকৰ পৰা অভিনয়ৰ শিক্ষা লাভ কৰে।[2]

কৰ্মজীৱন সম্পাদনা কৰক

 
Avram in January 2013

এলিয়ে চুইডেনত কেইটামান অভিনয় প্ৰকল্পত অংশগ্ৰহণ কৰিছিল।[2] তাৰ ভিতৰত ২০০৮ চনৰ ডিচেম্বৰত মুক্তি পোৱা অপৰাধিক-ৰোমাণ্টিক বিষয়ৰ বোলছবি Förbjuden Frukt উল্লেখযোগ্য য'ত তেওঁ মুখ্য ভূমিকাৰ শিল্পীজনৰ বান্ধৱী Selen-ৰ ভাও লৈছিল। অপৰাধ জগতৰ ছবি প্ৰতিফলিত কৰা চলচ্চিত্ৰখনত এলিয়ে পূৰ্ব অপৰাধী এজনৰ প্ৰেমত পৰে।[4]

২০১০ চনত এলিয়ে মিছ্‌ গ্ৰীছ সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লয়।[5] তেওঁ চুইডিছ টেলিভিজন চিৰিজ Gomorron Sverigeতো ভূমুকি মাৰে।

২০১২ চনৰ ছেপ্তেম্বৰত[6] বলিউডত অভিনয় কেৰিয়াৰ প্ৰতিষ্ঠাৰ বাবে এলিয়ে মুম্বাইলৈ ঢাপলি মেলে। হিন্দী বোলছবিত অভিনয় কৰাৰ সিদ্ধান্তৰ বিষয়ে তেওঁ আলোচনী এখনৰ সৈতে হোৱা সাক্ষাৎকাৰত এনেদৰে কৈছিল, "চৈধ্য বছৰ বয়সত..., মোৰ কোঠাত এটা টিভি আছিল আৰু ম‌ই চাৰিঘণ্টীয়া "দেৱদাস" চিনেমাখন (শ্বাহৰুখ খান আৰু ঐশ্বৰ্য ৰায় অভিনিত) চাইছিলোঁ। সেই গোটেই সময়ছোৱা ম‌ই লৰচৰ কৰা নাছিলোঁ। ম‌ই ভাবিছিলোঁ,'ময়ো তেনেদৰে নাচিব আৰু গাব খোজোঁ। ম‌ই বলিউডৰ বোলছবিত অভিনয় কৰিম। '" তেওঁ লাভ কৰা প্ৰথম গুৰুত্বপূৰ্ণ টিভি বিজ্ঞাপনটো আছিল অভিনেতা অক্ষয় কুমাৰৰ সৈতে এভাৰে'ডী ইণ্ডাষ্ট্ৰিজৰ বাবে।[7]

অৱশেষত তেওঁ সৌৰভ বাৰ্মাৰ হাস্য-থ্ৰিলাৰ বোলছবি মিকী ভাইৰাছত নায়িকাৰ ভূমিকাত অভিনয়ৰ সুযোগ লাভ কৰে।[8] হিন্দী ভাষা ক'ব নোৱাৰা বাবে বলিউডৰ ছবিত সুযোগ পোৱাটো তেওঁত বাবে কঠিন আছিল। এই বিষয়ে এলিয়ে কয়,"মিকী ভাইৰাছৰ বাবে অ'ডিচন দিয়াৰ আগতে ম‌ই পৰিচালকক মোলৈ চিত্ৰনাট্যখন পঠিয়াই দিবলৈ অনুৰোধ কৰিছিলোঁ যাতে ম‌ই সংলাপবোৰ মুখস্থ কৰিব পাৰোঁ, কাৰণ তেতিয়ালৈকে ম‌ই হিন্দী ক'ব নাজানিছিলোঁ। মোলৈ পৰিচালকে চাৰিপৃষ্ঠা সংলাপ পঠিয়াই দিলে আৰু তাৰে কিছুমান শব্দ কেনেকৈ উচ্চাৰণ কৰিব লাগে সেয়া মোক ক'বলৈ কোনো মানুহো নাছিল। অ'ডিচনত মোৰ উচ্চাৰণ সঠিক নোহোৱা সত্ত্বেও তেওঁলোকে মোৰ অভিনয় ভাল পালে। " আন ২০০ গৰাকী প্ৰাৰ্থীৰ লগত তেওঁক নিৰ্বাচন কৰা হ'ল আৰু শেষত তেওঁ বাকীবোৰতকি অগ্ৰাধিকাৰ পায়।[2] মিকী ভাইৰাছৰ বাবে এলিয়ে নৃত্য আৰু হিন্দী উচ্চাৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ লৈছে।[9] এই ছবিখনত এলিয়ে মুখ্য চৰিত্ৰ মিকী ভাইৰাছৰ প্ৰেমিকা কামায়ানি জৰ্জৰ ভূমিকাৰ অভিনয় কৰিছে।[10] মুখ্য ভূমিকাত আছে বলিউডত অভিষেক ঘটোৱা জনপ্ৰিয় টিভি হ'ষ্ট মনীষ পল। ছবিখনত দৃশ্যগ্ৰহণ কৰা হৈছে দিল্লীত আৰু ২৫ অক্টোবৰ, ২০১৩-ত মুক্তি লাভ কৰিব।[8]

বিগ্‌ বছ সম্পাদনা কৰক

সদ্যহতে এলিয়ে বাস্তৱিক টিভি অনুষ্ঠান বিগ্‌ বছ ৭ত অংশগ্ৰহণ কৰিছে। ইয়াত বিভিন্ন ক্ষেত্ৰৰ পৰা অহা চেলিব্ৰিটী ব্যক্তিয়ে বৰ্হিজগতৰ লগত কোনো সংযোগ নাৰাখি একেটা ঘৰতে বসবাস কৰিব লাগে। ৰাইজৰ ভোটৰ জৰিয়তে প্ৰতি সপ্তাহত এজনক ঘৰৰ পৰা উলিয়াই দিয়া হয় আৰু শেষত থাকি যোৱাজনে প্ৰাইজমানি লাভ কৰে। ডাচ্চ ভিত্তিক 'এণ্ডেমল'ৰ বিগ্‌ ব্ৰাদাৰ টিভি চিৰিজৰ অনুকৰণত নিৰ্মাণ কৰা এই অনুষ্ঠান ২০১৩ চনৰ ছেপ্টেম্বৰৰ পৰা প্ৰচাৰিত হৈ আছে আৰু অভিনেতা চালমান খান-এ ইয়াত আঁত ধৰিছে।[3]

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

বোলছবিসমূহ সম্পাদনা কৰক

Year Title Role Notes
2008 Förbjuden Frukt Selen Swedish language film
2013 Mickey Virus Kamayani George Debut Hindi film

টেলিভিজন সম্পাদনা কৰক

Year Title Notes
2013 Bigg Boss 7 Reality TV show - Hindi

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "You are hereBiggboss 7 > Housemates > Elli Avram". In.com India - A web18 Venture. Archived from the original on 18 September 2013. https://web.archive.org/web/20130918045013/http://colors.in.com/in/biggboss/housemates/elli-avram-358.html। আহৰণ কৰা হৈছে: 14 October 2013. 
  2. 2.0 2.1 2.2 2.3 2.4 De Villiers, Pierre. "Swedish actress Elli Avram is breaking new ground - by starring in an upcoming Bollywood film". Norwegian Air Shuttle ASA. http://www.norwegian.com/magazine/features/2013/03/bombay-dreams। আহৰণ কৰা হৈছে: 29 September 2013. 
  3. 3.0 3.1 Goyal, Divya (Sep 17 2013). "'Bigg Boss 7' complete list of contestants". The Indian Express. http://www.indianexpress.com/news/bigg-boss-7-complete-list-of-contestants/1169462/। আহৰণ কৰা হৈছে: 1 October 2013. 
  4. "Förbjuden Frukt (2008) Official trailer. starring Elli Avram, Gguveli, Haisem Ali, Arif Karadeniz". Ali Gohari. http://www.youtube.com/watch?v=XihTaNe7KGk। আহৰণ কৰা হৈছে: 29 September 2013. 
  5. "Katrina Kaif has a twin in Bigg Boss 7 contestant Elli Avram!". FILMS OF INDIA. Archived from the original on 23 September 2013. https://web.archive.org/web/20130923212825/http://www.filmsofindia.com/viewnews-2807। আহৰণ কৰা হৈছে: 29 September 2013. 
  6. "Spot the difference: Elli Avram and Katrina Kaif". Living Media India Limited. http://indiatoday.intoday.in/story/spot-the-difference-elli-avram-and-katrina-kaif/1/310066.html। আহৰণ কৰা হৈছে: 29 September 2013. 
  7. "Elli Avram Biography". Greynium Information Technologies Pvt. Ltd.| Read more at: http://entertainment.oneindia.in/celebs/elli-avram/biography.html.+Archived+from the original on 21 September 2013. https://web.archive.org/web/20130921122805/http://entertainment.oneindia.in/celebs/elli-avram/biography.html। আহৰণ কৰা হৈছে: 29 September 2013. 
  8. 8.0 8.1 "Mickey Virus - Mickey Virus Overview". Contests2win.com India Pvt. Ltd.. http://www.koimoi.com/movie/mickey-virus/। আহৰণ কৰা হৈছে: 29 September 2013. 
  9. Mankermi, Shivani (August 31, 2013). "Bollywood gets ready to unleash a new stock of hotties". Living Media India Limited/Mail Today. http://indiatoday.intoday.in/story/bollywood-gets-ready-to-unleash-pallavi-sharda-vaani-kapoor-sana-khan-elli-avram-to/1/304758.html। আহৰণ কৰা হৈছে: 29 September 2013. 
  10. "Mickey Virus (2013)". IMDb.com, Inc.. http://www.imdb.com/title/tt2796318/। আহৰণ কৰা হৈছে: 29 September 2013. 

বহিঃ সংযোগ সম্পাদনা কৰক