জন্ম আৰু পিতৃ-মাতৃৰ পৰিচয় সম্পাদনা কৰক

কনকেশ্বৰ বৰুৱাৰ জন্ম হয় ১৯১৫ চনত৷ মৰিগাঁও জিলাৰ জাগীচকী গাঁৱত৷ পিতৃৰ নাম কমলেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আলতী বৰুৱা৷ [1]

সামাজিক জীৱন সম্পাদনা কৰক

কনকেশ্বৰ বৰুৱা আছিল একেধাৰে অভিনেতা, গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ আদি৷ ব্ৰজনাথ শৰ্মা, ফণী শৰ্মা, চন্দ্ৰ চৌধুৰী আদি বিখ্যাত ব্যক্তিৰ সৈতে তেওঁ কলা-কৃষ্টিৰ চৰ্চা কৰিছিল৷ পিছলৈ নটৰাজ, পূৰ্বজ্যোতি আদি ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহতো তেওঁ যোগ দিছিল৷ তেওঁ নিজৰ গাঁৱত চিত্ৰলেখা নাট্য সমিতি গঠন কৰিছিল৷

মৃত্যু সম্পাদনা কৰক

তেখেতৰ মৃত্যু হয় ১৯৭১ চনত৷


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. শিৱনাথ বৰ্মন (২০০৯). কনকেশ্বৰ বৰুৱা. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ৩.