কমলাবাৰী বনভোজস্থলী, গেলেকী

বনভোজস্থলী

অসমৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত আঠখেল গ্ৰাণ্টত কমলাবাৰী বনভোজস্থলী অৱস্থিত। বৰ্তমান কমলাবাৰী এক জনপ্ৰিয় বনভোজস্থলী। দেশ-বিদেশৰ পৰ্যটকৰ লগতে বিভিন্ন শি‍ক্ষানুষ্ঠানৰ শি‍ক্ষামূলক ভ্ৰমণৰ বাবে কমলাবাৰী এখন উৎকৃষ্ট ঠাই।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাজীৰ পৰা আমগুৰি হালোৱাটিং, বৰচিলা দেওপানী হৈ কমলাবাৰীলৈ‍ আহিব পাৰি। শিৱসাগৰ নগৰৰ পৰা জয়সাগৰ নামতি চাৰিআলি দেওপানী হৈ কমলাবাৰীলৈ মাত্ৰ ২৫ কিঃমিঃ। সোণাৰীৰ দিশৰ পৰা বালিঘাটৰ পৰা নাজিৰা, গেলেকী আঠখেল হৈ সুগম ৰাস্তা।

বি‍ৰল প্ৰজাতিৰ অসংখ্য গছ-গছনিৰ লগতে বৃহৎ এলেকাৰ বৃক্ষৰোপণ আৰু পাহাৰীয়া নান্দনিক পৰিৱেশে সকলোকে মোহিত কৰে। মেজাংকৰী, বৰহমথুৰি, মাধৈমালতী আদি গছ ইয়াত সহজলভ্য। ইয়াৰ এলেকাত থকা এশ বিঘামাটিৰ চোমনিত উজনি অসমৰ বিভিন্ন ঠাইৰ খেতিয়ক আহি মূগা পোহ‍ি লাভবান হৈছে। প্ৰায় চাৰিশ বিঘা মাটিকালিৰ তিতাছপা গছ, এহেজাৰ বিঘা উন্নত প্ৰজাতিৰ বাঁহগছ, দুশ বিঘা ঔটেঙা, পঞ্চাছ বিঘা সাচ‍িঁ গছ আছে। মনোমোহা স্থাপত্যৰে খেলা সামগ্ৰীৰ সৈতে এখন শিশু উদ্যান আকৰ্ষণৰ কেন্দ্ৰবিন্দু। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ বিভিন্ন আপুৰুগীয়া গছৰ সমাহাৰেৰে সাহিত্য মনিষি উপবন নামেৰে এখন জৈৱ বৈচিত্ৰ্য উদ্যান আৰু অৰণ্যম নামৰ এটা বেচৰকাৰী সংস্থাই প্ৰতিষ্ঠা কৰা অসমীয়া থলুৱা কবিৰাজৰ এখন ঔষধি বাগিছা আছে কমলাবাৰীত। কমলাবাৰী শিশু উদ্যানৰ ভিতৰত থকা ডাঙৰীয়া পুখুৰী কাছ সংৰক্ষণ প্ৰকল্প হিচাপে উন্নীত কৰা হৈছে। কাছৰ খাদ্য দি বিভিন্ন প্ৰজাতিৰ সৰু-বৰ কাছ প্ৰত্যক্ষ কৰিব পাৰি। অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা নিৰ্মিত সুউচ্চ নিৰীক্ষণ স্তম্ভৰ পৰা সমগ্ৰ কমলাবাৰী এলেকা ওপৰৰ পৰা চাব পাৰি। কমলাবাৰী শৰপহু, হৰিণাপহুৰ বিচৰণস্থলী।

শেহতীয়াকৈ কমলাবাৰীত নিৰ্মিয়মান অসম আৰক্ষীৰ চতুৰ্থ কামাণ্ডো বেটেলিয়ানৰ মুখ্য কাৰ্যালয় স্থাপনৰ কাম অব্যাহত আছে। যাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰতো নিশ্চিন্ত হ"ব পাৰি।

তথ্য সংগ্ৰহ সম্পাদনা কৰক