কাঠ-শালিকা (ইংৰাজী: Chestnut-tailed Starling, বৈজ্ঞানিক নাম: Sturnia malabarica)[2] ) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ অন্যতম প্ৰজাতি৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত ত ইয়াক থলুৱাভাৱে দেখা পোৱা যায় যদিও ই আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই বুলিও জানিব পৰা গৈছে৷

কাঠ-শালিকা (Chestnut-tailed Starling)
Sturnia m. malabarica on Kapok tree in Kolkata, India
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
উপবৰ্গ: Passeri
অনুবৰ্গ: Muscicapoidea
পৰিয়াল: Sturnidae
গণ: Sturnia
প্ৰজাতি: S. malabarica
বৈজ্ঞানিক নাম
Sturnia malabarica
(Gmelin, 1789)
সমাৰ্থক

Temenuchus malabaricus

টেক্সন'মি সম্পাদনা কৰক

একাধিক বিৱৰ্তনৰ উৎসৰ বাবে পূৰ্বতে কাঠ-শালিকাক কেইবাটাও গোত্ৰ যেনে Sturnia, Sturnus আৰু Temenuchus ৰ অন্তৰ্ভুক্ত কৰা হৈছিল যদিও পৰৱৰ্ত্তী সময়ত কৰা গৱেষণাত পোৱা তথ্য অনুসৰি Temenuchus গোত্ৰকে বৰ্তমান বাহাল ৰখা হৈছে৷ [2] Later studies have suggested placement in the genus Sturnia.[3]

কাঠ-শালিকাৰ তিনিটা উপ-প্ৰজাতি দেখা পোৱা যায়-

  • S. m. malabarica: উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰত বিস্তৃত হৈ আছে৷
  • S. malabarica nemoricola: দক্ষিণ চীণ, থাইলেণ্ড, লাইছ, ভিয়েটনাম আৰু কম্বোডিয়াত ইয়াক দেখিবলৈ পোৱা যায়৷
  • S. malabarica blythii: ভাৰতৰ দাক্ষিণাত্য অঞ্চল (Western Ghat)ত পোৱা যায়৷

বিৱৰণ সম্পাদনা কৰক

 
Sturnia malabarica blythii

কাঠ-শালিকাৰ পূৰ্ণবয়স্ক এটা চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২০ ছে: মি: হয়৷ ইয়াৰ পিঠি অংশ মটিয়া (grey) আৰু ক'লা চানেকীয়া৷ উপ-প্ৰজাতি সমূহৰ দেহৰ বৰণৰ কিছু পাৰ্থক্য দেখা যায়৷ S. m. malabarica' আৰু blythii ৰ ক্ষেত্ৰত দেহৰ তলৰ অংশ ইটাবণীয়া (rufous) কিন্তু nemoricola ৰ সেই অংশৰ বৰণ বগা হয় ৷ তিনিওটা উপ-প্ৰজাতিৰ চকুৰ মণি বগা আৰু ঠোঁটৰ বৰণ হালধীয়া হয়৷ মতা-মাইকী উভয়ে দেখাত একে হয়৷ অৱশ্যে পোৱালী কাঠ-শালিকাৰ দেহৰ তলৰ অংশ বগা আৰু নেজৰ আগটো ৰঙা চানেকীয়া হোৱা দেখা যায়৷

আচৰণ সম্পাদনা কৰক

কাঠ-শালিকাই সাধাৰণতে মুকলি কাঠনি বা খেতি-পথাৰত বাহ সাজে৷ ইহঁতে গছৰ সুৰুঙা আদিত বাহ সাজে৷ এবাৰত ৩-৫ টাকৈ কণী পাৰে৷

শালিকাৰ অন্যান্য প্ৰাজতি সমূহৰ দৰেই কাঠ-শালিকাইও ফল-মূল, ফুলৰ মৌ আৰু পোক-পৰুৱা আদি খাই জীয়াই থাকে৷ ইহঁতে জাক পাতি উৰে আৰু গোটেইবোৰ চৰায়ে মিলি একেলগে আৰু খুব খৰকৈ উৰাৰ দিশ সলনি কৰিব পাৰে৷

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. BirdLife International (2004). Sturnus malabaricus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 12 May 2006.
  2. 2.0 2.1 Lovette, I., McCleery, B., Talaba, A., & Rubenstein, D. (2008). "A complete species-level molecular phylogeny for the "Eurasian" starlings (Sturnidae: Sturnus, Acridotheres, and allies): Recent diversification in a highly social and dispersive avian group.". Molecular Phylogenetics & Evolution খণ্ড 47 (1): 251–260. doi:10.1016/j.ympev.2008.01.020. PMID 18321732. Archived from the original on 2009-02-05. https://web.archive.org/web/20090205083032/http://www.dustinrubenstein.com/webpage/PUBLICATIONS_files/MPE2008.pdf। আহৰণ কৰা হৈছে: 2013-02-05. 
  3. Zuccon, D., Pasquet, E. & Ericson, P. G. P. (2008). Phylogenetic relationships among Palearctic–Oriental starlings and mynas (genera Sturnus and Acridotheres : Sturnidae). Zoologica Scripta, 37:469–481 PDF

অন্যান্য উৎস সম্পাদনা কৰক

  • Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6
  • Rasmussen, Pamela C. & Anderton John C. (2005): Birds of South Asia: The Ripley Guide. Smithsonian Institution and Lynx Edicions. ISBN 84-87334-67-9
  • Zuccon D, Cibois A, Pasquet E, Ericson PG. (2006) Nuclear and mitochondrial sequence data reveal the major lineages of starlings, mynas and related taxa. Mol Phylogenet Evol. 41(2):333-44