কৌপাত

একপ্ৰকাৰৰ সপুষ্পক উদ্ভিদ

কৌপাত বা কৌ (ইংৰাজী: Phrynium pubinerve) ভাৰতকে ধৰি এচিয়াৰ কিছুসংখ্যক দেশ যেনে চীন, ম্যানমাৰ, কম্বোডিয়া, লাওচ আদিৰ মাজেৰে নিউগিনিলৈকে বিয়পি থকা একপ্ৰকাৰৰ চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ ঘাইকৈ অসম, অৰুণাচল প্ৰদেশ আৰু পূব হিমালয়ৰ কোনো কোনো অঞ্চলত উদ্ভিদজোপাৰ বিস্তৃতি দেখা যায়। ইয়াৰে ভিতৰত অসমতেই কৌপাতৰ বিস্তৃতি সৰ্বাধিক।[1]

কৌপাত
Phrynium pubinerve
কৌপাতৰ গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophyta
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
বৰ্গ: Zingiberales
পৰিয়াল: Marantaceae
গণ: Phrynium
প্ৰজাতি: P. pubinerve
সমাৰ্থক

Phrynium pubinerve Blume

বিৱৰণ সম্পাদনা কৰক

কৌপাতৰ গছ সাধাৰণতে প্ৰায় ১ মিটাৰ পৰ্যন্ত ওখ হয়।[2] ইয়াৰ কোনো ডাল নাথাকে আৰু মূল বা শিপা অংশৰ পৰা একাধিক কাণ্ড ওলাই আহি পত্ৰদণ্ডৰ ৰূপ লয়। প্ৰত্যেকডাল পত্ৰদণ্ডত এখিলাকৈ পাত থাকে। ই দীঘলে প্ৰায় ২০-৬০ ছেমি আৰু বহলে প্ৰায় ৭-২০ ছেমি।[3] এই পাতসমূহ ডিম্বাকৃতিৰ আৰু এডাল মধ্যশিৰাৰ লগতে কলপাতৰ দৰে বহুসংখ্যক শাখাশিৰা থাকে। পাতৰ দৰেই কাণ্ডৰ পৰাই মটীয়া-ৰঙা ৰংৰ পুষ্পধৰ পত্ৰৰ আৱিৰ্ভাৱ ঘটে। পুষ্পধৰ বহুকেইটা মূৰেৰে জোঙামূৰীয়া আকাৰৰ হয়। কৌপাতৰ শিপাৰ পৰাই নতুন পোখালিৰ জন্ম হয়।

ব্যৱহাৰ সম্পাদনা কৰক

এচিয়া মহাদেশৰ বিভিন্ন দেশত খাদ্যবস্তু বান্ধি ৰান্ধিবৰ বাবে কৌপাতৰ ব্যৱহাৰ কৰা হয়। অসমৰ জনগোষ্ঠীয় লোকসকলে কৌপাতত ভাত সিজাই টোপোলা ভাত প্ৰস্তুত কৰে। এই টোপোলা ভাতক জনগোষ্ঠীভেদে পুৰাং আপিন, খাও হ' আদি নামেৰে জনা যায়। [উদ্ধৃতিৰ প্ৰয়োজন]

চিত্ৰ বিথীকা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Phrynium pubinerve Blume". India Biodiversity Portal. https://indiabiodiversity.org/species/show/258439। আহৰণ কৰা হৈছে: 22 July 2020. 
  2. "Useful Tropical Plants - Phrynium rheedei". Tropical.theferns.info. http://tropical.theferns.info/viewtropical.php?id=Phrynium+rheedei। আহৰণ কৰা হৈছে: 22 July 2020. 
  3. ড°জিণ্টু শৰ্মা. "অসমৰ উদ্ভিদ পৰিচয় ১". Monikut.com. Archived from the original on 23 July 2020. https://web.archive.org/web/20200723000117/https://monikut.com/2018/08/%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AD%E0%A6%BF%E0%A6%A6-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%9A%E0%A7%9F%E0%A6%83-%E0%A6%9C%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%9F%E0%A7%81-%E0%A6%B6%E0%A7%B0%E0%A7%8D/। আহৰণ কৰা হৈছে: 22 July 2020.