ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন

ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন (ইংৰাজী: Revolutionary Adivasi Women's Organisation )[3] ভাৰতৰ এটা নিষিদ্ধ মহিলা সংগঠন।[4] আদিবাসী মহিলা সংঘ ক্ৰান্তিকাৰী আদিবাসী মহিলা সংগঠন (KAMS) পূৰ্বসুৰী।[5] ১৯৮৬ চনত মাওবাদীয়ে আদিবাসী মহিলা সংঘ ভেটি স্থাপন কৰিছিল।[6]

ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন
চমু  নাম KAMS
পূৰ্বসূৰী আদিবাসী মহিলা সংগঠন
ধৰণ স্বয়ংসেৱী অনুষ্ঠান
সক্ৰিয়তা নিষিদ্ধ কৰা হৈছে
উদ্দেশ্য নাৰীৰ প্ৰতি হোৱা শোষণ, নিপীড়ন আৰু নৃশংসতাৰ বিৰুদ্ধে যুঁজিবলৈ
মাতৃ  সন্থা ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাওবাদী)[1][2]
স্বেচ্ছাসেৱী ৯০,০০০-১০০,০০

লক্ষ্য আৰু উদ্দেশ্য সম্পাদনা কৰক

কে.এ.এম.এচ.ৰ পঞ্জীয়নভুক্ত সদস্যৰ সংখ্যা প্ৰায় ৯০,০০০,[7] যাৰ বাবে পঞ্জীয়নভুক্ত সদস্যৰ সংখ্যাৰ ক্ষেত্ৰত ইয়াক ভাৰতৰ শীৰ্ষতম মহিলা সংগঠনৰ ভিতৰত স্থান দিয়া হৈছে।[6] কিন্তু, ৰাহুল পণ্ডিতাই ২০১১ চনত দাবী কৰিছিল যে কে.এ.এম.এচ.ৰ আনুমানিক সদস্যৰ সংখ্যা প্ৰায় এক লাখ।[3]

লক্ষ্য আৰু উদ্দেশ্য সম্পাদনা কৰক

মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সামাজিক সমস্যাৰ সমাধানত কে.এ.এম.এচ.-এ মনোনিৱেশ কৰে। কে.এ.এম.এচ.ৰ সদস্যসকলে নাৰীক অপহৰণ কৰি নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাবলৈ বাধ্য কৰা, বহুপত্নী আদিৰ দৰে সমাজত নাৰীৰ প্ৰতি হৈ থকা অন্যায়ৰ বিৰুদ্ধে অভিযান চলায়। সংগঠনৰ সদস্যসকলে আদিবাসী মহিলাই ঋতুস্ৰাৱৰ সময়চোৱাত গাঁৱৰ পৰা আঁতৰি হাবিত বাস কৰাৰ পৰম্পৰাৰ বিৰুদ্ধেও প্ৰচাৰাভিযান চলায়।[6] তেওঁলোকে নিজৰ সম্প্ৰদায়ৰ ভিতৰত প্ৰচলিত পিতৃতান্ত্ৰিক মানসিকতাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰে।[8] দণ্ডকাৰণ্যত আদিবাসী পুৰুষে মহিলাসকলক পথাৰত বীজ সিঁচিবলৈ অনুমতি দিয়া নাছিল; কিন্তু কে.এ.এম.এচ.ৰ সদস্যসকলে বিষয়টোৰ সমাধানৰ বাবে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ কাষ চাপে। দলটোৱে এই বিষয়ে আদিবাসীসকলৰ সৈতে বৈঠক পাতে। বৈঠকত আদিবাসী পুৰুষসকলে নিজৰ ভুল মানি লৈ এনে কামৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছিল যদিও এতিয়াও তেওঁলোকে নিজৰ সংকল্পক বাস্তৱত ৰূপায়ণ কৰা নাই। সেয়েহে দলে, অৰ্থাৎ চিপিআই (মাওবাদী)-এ নিশ্চিত কৰিছে যে " জনতা চৰকাৰ"ৰ উমৈহতীয়া ভূমিত মহিলাসকলে বীজ সিঁচাত, শাক-পাচলি ৰোপণ কৰাত আৰু কৃষিভূমিত জনসিঞ্চনৰ বাবে বান্ধ দিয়াত কোনো বাধা নাথাকিব। ইয়াক মহিলা সংগঠনটোৰ অৰ্ধবিজয় আখ্যা দিব পাৰি।[6] [9]

ছলৱা জুডুমৰ অত্যাচাৰৰ অভিযোগ সম্পাদনা কৰক

ছলৱা জুডুম নক্সালী হিংসা উৎখাত কৰিবলৈ চৰকাৰৰ দ্বাৰা চলোৱা এক অভিযান। কিন্তু নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাওতে প্ৰায়ে সাধাৰণ মানুহো লক্ষ্য কৰি লোৱা হয়। কে.এ.এম.এচ.ৰ এগৰাকী জ্যেষ্ঠ কৰ্মীয়ে অৰুন্ধতী ৰায়ক জনোৱা মতে, ছালৱা জুডুমৰ সদস্যৰ দ্বাৰা ধৰ্ষণ আৰু যৌন নিগ্ৰহৰ বলি হোৱাৰ পিছত সংগঠনটোৰ কেইবাগৰাকীও সদস্যাই কে.এ.এম.এচ. এৰি মাওবাদী কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছে। আনহাতে আন কেইবাগৰাকী ছোৱালীয়ে, যিসকলে কে.এ.এম.এচ.ৰ সদস্যা নহয়, অথচ ছলৱা জুডুমৰ অত্যাচাৰৰ প্ৰত্যক্ষদৰ্শী, তেওঁলোকেও মাওবাদীৰ দলত যোগদান কৰিছে।[6]

আইনী মৰ্যাদা সম্পাদনা কৰক

কে.এ.এম.এচ.ক ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) পিপ’লছ ৱাৰৰ সন্মুখৰ সংগঠন বুলি কোৱা হয় আৰু যাৰবাবে ইয়াক নিষিদ্ধ কৰা হৈছিল। [10] অৰুন্ধতী ৰায়ে লিখিছে যে ভাৰত চৰকাৰে সংগঠনটোৰ ৯০,০০০ সদস্যকে যিকোনো মুহূৰ্ততে মোহাৰি পেলাব পাৰে।[11] তেওঁ লিখিছে, "মোৰ মনত দৃঢ় ধাৰণা আছিল যে সশস্ত্ৰ সংগ্ৰামত মহিলাসকল হিংসাৰ শেষ শাৰীত থাকে। কিন্তু মোৰ ধাৰণা ভুল আছিল। মই দেখিছিলো যে গেৰিলাৰ ৪৮ শতাংশই মহিলা আছিল। তেওঁলোকে নিজৰ মাক-ভনীয়েকৰ ধৰ্ষণৰ প্ৰত্যক্ষদৰ্শী আছিল। তেওঁলোকৰ ঘৰ জ্বলাই দিয়া হৈছিল বা নিজৰ পিতৃতান্ত্ৰিক সমাজখনৰ পৰা পলায়ন কৰিবলৈ সৎগঠনলৈ আহিছিল। ক্ৰান্তিকাৰী আদিবাসী মহিলা সংগঠনৰ (ছত্তীসগঢ় ৰাজ্যৰ এটা মহিলা সংগঠন) সদস্য ৯০,০০০ আৰু সম্ভৱতঃ ভাৰতৰ আটাইতকৈ ডাঙৰ নাৰীবাদী আন্দোলন। কিন্তু তেওঁলোক সকলোকে সন্ত্ৰাসবাদী বুলি কোৱা হয় আৰু দেখাৰ লগেলগে তেওঁলোকক গুলিয়াব পাৰে।" [12]

তথ্য উৎস সম্পাদনা কৰক

  1. Sundar, Nandini. "The Immoral Economy of Counter Insurgency in India". Yale University. Archived from the original on 31 January 2013. https://web.archive.org/web/20130131223114/http://www.yale.edu/agrarianstudies/colloqpapers/05sundarpub.pdf। আহৰণ কৰা হৈছে: 12 April 2014. 
  2. "Subalterns and Sovereigns". University of California, Berkeley. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304121235/http://indiandemocracy08.berkeley.edu/docs/Sundar-Afterword_Subalterns_and_Sovereigns-AnAnthropologicalHistoryBastar%20.pdf। আহৰণ কৰা হৈছে: 12 April 2014. 
  3. 3.0 3.1 Sen, Shoma (3 November 2010). "Contemporary anti-displacement struggles and women's resistance: a commentary". Sanhati. http://sanhati.com/excerpted/2923/। আহৰণ কৰা হৈছে: 9 September 2013. 
  4. Roy, Arundhati (2013). Broken Republic. Penguin Books. পৃষ্ঠা. 87. ISBN 978-8184754841. https://books.google.com/books?id=bMXB6sGPk2kC&q=Krantikari+Adivasi+Mahila+Sangathan. 
  5. Roy, Arundhati (27 March 2010). "Gandhi, but with guns: Part Four". The Guardian — Books. https://www.theguardian.com/books/2010/mar/27/arundhati-roy-india-tribal-maoists-4। আহৰণ কৰা হৈছে: 9 September 2013. 
  6. 6.0 6.1 6.2 6.3 6.4 Maheshwari, Arpan (24 April 2011). "Understanding Well-Being of the Tribals in Naxalite Region". Indian Institute of Technology, Kanpur. http://www.cse.iitk.ac.in/users/arpanm/Understanding_Well-Being_of_the_Tribals_in_Naxalite_Region.pdf. 
  7. Pandita, Rahul (2011). Hello, Bastar – The Untold Story of India's Maoist Movement. Westland (Tranquebar Press). পৃষ্ঠা. 96. ISBN 978-93-80658-34-6. OCLC 754482226. https://books.google.com/books?id=IZ83V3JLXFMC. [সংযোগবিহীন উৎস]
  8. Roy, Arundhati (26 March 2012). "Capitalism: A Ghost Story". Outlook. http://www.outlookindia.com/article.aspx?280234। আহৰণ কৰা হৈছে: 9 September 2013. 
  9. Roy, Arundhati (27 March 2010). "Gandhi, but with guns: Part Two". The Guardian — Books. https://www.theguardian.com/books/2010/mar/27/arundhati-roy-india-tribal-maoists-2। আহৰণ কৰা হৈছে: 12 September 2013. 
  10. "New guerrilla squad emerges in Madhya Pradesh". The Hindu (Bhopal). 18 August 2005. Archived from the original on 14 November 2013. https://web.archive.org/web/20131114000109/http://hindu.com/2005/08/18/stories/2005081810950500.htm। আহৰণ কৰা হৈছে: 9 September 2013. 
  11. "Institutions of democracy weak". The Hindu (Kochi). 5 February 2011. http://www.thehindu.com/todays-paper/tp-national/institutions-of-democracy-weak/article1158114.ece। আহৰণ কৰা হৈছে: 9 September 2013. 
  12. Sarkar, Sudeshna (2011). "Girl who kicked the hornet's nest". China Daily (Asia Weekly). Archived from the original on 27 September 2018. https://web.archive.org/web/20180927050149/https://www.chinadailyasia.com/news/2011-06/14/content_104815.html। আহৰণ কৰা হৈছে: 9 September 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক