খৰ্গেশ্বৰ তালুকদাৰ ( জন্ম : ২৩ জুন ১৯৫৯-১০ ডিচেম্বৰ ১৯৭৯) ৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত। তেওঁ অসম আন্দোলনৰ প্ৰথম শ্বহীদ। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল। অসম আন্দোলনৰ আৰম্ভণি কালতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল। মৃত্যুৰ সময়ত খৰ্গেশ্বৰ তালুকদাৰ আছিল সৰুপেটাৰ বি.এইচ.বি. মহাবিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ। [1]

খৰ্গেশ্বৰ তালুকদাৰ
জন্ম ২৩ জুন, ১৯৫৯ (৬৪ বছৰ)
অবিভক্ত কামৰূপ জিলা, অসম, ভাৰত
(বৰ্তমানৰ বৰপেটা)
মৃত্যু ১০ ডিচেম্বৰ, ১৯৭৯ (২০ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান বি.এইচ.বি. মহাবিদ্যালয়
পিতৃ-মাতৃ গৌৰীকান্ত তালুকদাৰ (পিতৃ)
সাবিত্ৰীবালা (মাতৃ)

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৫

বাহ্যিক সংযোগ সম্পাদনা কৰক