গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৰা এক বিশেষ অভিযান। প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰৰ উন্নতি অনাৰ বাবে শৈক্ষিক খণ্ডত ৰাজ্যৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ।[1]

অসমৰ গোলাঘাট জিলাৰ কমাৰ বন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন। প্ৰাতঃসভাৰ দৃশ্য।

ইতিহাস সম্পাদনা কৰক

শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে শিক্ষাবৰ্ষ ২০১৭ৰ পৰা গুণোৎসৱ উদযাপনেৰে কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে। অসমত এয়া ৰাজ্য চৰকাৰ, এছ এছ এ, এছ চি ই আৰ টি আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সৈতে জড়িত এক অভিসৰণ অনুশীলন। প্ৰথম অৱস্থাত ৮খন জিলা যেনে- বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ মেট্ৰো, লখিমপুৰ, মৰিগাঁও আৰু পশ্চিম কাৰ্বিআংলংক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "গুণোৎসৱ, শোণিতপুৰ". অসম চৰকাৰ. Archived from the original on 20 April 2022. https://web.archive.org/web/20220420024256/https://sonitpur.gov.in/portlet-sub-innerpage/gunotsav-2017। আহৰণ কৰা হৈছে: 25 May 2022.