গৰাল (ইংৰাজী: Himalayan goral, বৈজ্ঞানিক নাম-Naemorhedus goral) হিমালয়ৰ থিয় পাহাৰীয়া অঞ্চলত দেখা পোৱা ছাগলীজাতীয় (bovid) প্ৰাণী৷ আই.ইউ.চি.এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটাপন্ন (Near Threatened) বুলি আখ্যা দিয়া হৈছে৷ এই প্ৰাণীবিধৰ চোৰাং চিকাৰ আৰু বনাঞ্চল ধবংসৰ প্ৰভাৱতে এই ভাবুকিৰ সন্মুখীন হৈছে বুলি জনা গৈছে৷ [2]

গৰাল (Himalayan Goral)[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Bovidae
গণ: Naemorhedus
প্ৰজাতি: N. goral
বৈজ্ঞানিক নাম
Naemorhedus goral
(Hardwicke, 1825)
Range map

দৈহিক গঠন সম্পাদনা কৰক

গৰালৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯৫-১৩০ ছে:মি: আৰু ওজন ৩৫-৪২ কিলোগ্ৰাম৷ ইয়াৰ ছালখন মুগা বা মুগা-মটিয়া বৰণীয়া, ডিঙিৰ অংশৰ ৰং পাতল আৰু ৰাজহাড়ৰ ওপৰেদি দীঘলীয়া গাঢ় আঁচ এডাল থাকে৷

মতা গৰালৰ ডিঙিত কেশৰ দেখা যায়৷ মতা-মাইকী উভয়ৰে পিছলৈ ঘোৰ খাই থকা শিং থাকে৷ এনে শিঙৰ দৈৰ্ঘ্য প্ৰায় ১৮ ছে:মি পৰ্যন্ত হয়৷ মূল ৰাজহাড়ৰ গঠনৰ পাৰ্থক্যৰ উপৰিও গৰালৰ ওচৰ সম্পৰ্কীয় দেও ছাগলীৰ সৈতে শৰীৰৰ পাৰ্থক্য আছে৷ উদাহৰণস্বৰূপে দেও ছাগলীৰ দৰে গৰালৰ চকুৰ তলত 'প্ৰিঅৰবিটেল গ্ৰন্থি (preorbital glands) দেখা পোৱা নাযায়৷

বাসস্থান আৰু বিস্তৃতি সম্পাদনা কৰক

গৰাল সাধাৰণতে হিমালয়ৰ পৰ্বতীয়া বনাঞ্চল সমূহত দেখা পোৱা যায়৷ এই প্ৰাণীবিধ ভূটান, উত্তৰ ভাৰত, ছিক্কিম, অৰুণাচল প্ৰদেশ, নেপাল, তীব্বত তথা ম্যানমাৰ পৰ্যন্ত বিস্তৃত হৈ আছে৷ জম্মু-কাশ্মীৰৰ পৰা পূব অৰুণাচললৈকে হিমালয়ৰ থিয় পৰ্বতীয়া গড়াসমূহত এই জন্তু বিধে বাস কৰে৷ ভাৰত আৰু নেপালত এই জন্তুবিধৰ বাসস্থানৰ উচ্চতা সাগৰ পৃষঠৰ পৰা প্ৰায় ৯০০-২,৭৫০ মিটাৰ পৰ্যন্ত হ'ব পাৰে৷ আনহাতে পাকিস্তান গৰাল ১০০০-৪,০০০ মিটাৰ পৰ্যন্ত বাস কৰে বুলি তথ্য পোৱা গৈছে৷

পাকিস্তানত বৰ্তমানলৈকে সাতটা অকলশৰীয়া গোটত প্ৰায় ৩৭০-১০১৭ টা গৰাল আছে বুলি তথ্য পোৱা গৈছে৷[3]

আচৰণ সম্পাদনা কৰক

গৰালে সাধাৰণতে ৪-১২ টা জন্তুৰ সৰু দল বান্ধি বাস কৰে৷ অৱশ্যে বয়সস্থ মতা গৱালে অকলশৰীয়াকৈ থকাও দেখা পোৱা যায়৷ এই প্ৰানীবিধ সাধাৰণতে পুৱতি নিশা বা সন্ধিয়া সময়ত আটাইতকৈ সক্ৰিয় হৈ থাকে৷ এবাৰ খোৱাৰ পিছত ই সাধাৰণতে পানী খায় আৰু থিয় গড়াত শিলত জিৰণি লয়৷ ই গছৰ পাত-ঘাঁহ আদি খায়৷ [4]

গৰাল পৰ্বতীয়া অঞ্চলত দৌৰাত খুবেই পাকৈত৷ ইয়াৰ গাৰ বৰণৰ বাবেও ই চাৰিওকাষৰ পৰিবেশৰ সৈতে খুউব সহজে মিলি পৰে৷ ভক্ষকৰ উপস্থিতিত ই মুখেৰে এবিধ বিশেষ ধৰণৰ শব্দ কৰি সকলোকে সতৰ্ক কৰি দিয়ে৷

গৰাল সাধাৰণতে ১৪-১৫ বছৰ পৰ্যন্ত জীয়াই থাকে৷ মাইকী গৰালে ১৭০-২১৮ দিন গৰ্ভধাৰণ কৰাৰ পিছত পোৱালিৰ জন্ম দিয়ে৷ এবাৰত এটাকৈ পোৱালিৰ জন্ম হয়৷ পোৱালিয়ে প্ৰায় তিনি বছৰ বয়সত পুৰ্ণবয়স্ক হৈ উঠে৷

সংৰক্ষণ সম্পাদনা কৰক

গৰালক CITES Appendix I.[2] প্ৰাণী হিচাপে স্বীকৃতি দিয়া হৈছে৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সাঁচ:MSW3 Artiodactyla
  2. 2.0 2.1 2.2 Duckworth, J.W. and MacKinnon, J. (2008). "Naemorhedus goral". IUCN Red List of Threatened Species. Version 2012.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/14296. 
  3. Fakhar-i-Abbas, F., Ruckstuhl, K. E., Mian, A., Akhtar, T., Rooney, T. P. (2012). "Distribution, population size, and structure of Himalayan grey goral Naemorhedus goral bedfordi (Cetartiodactyla: Bovidae) in Pakistan". Mammalia 76 (2): 143–147
  4. Fakhar-i-Abbas, F., Akhtar, T., Mian, A. (2008). Food and Feeding Preferences of Himalayan Gray Goral (Naemorhedus goral bedfordi) in Pakistan and Azad Jammu and Kashmir. Zoo Biology 27 (5): 371–380
  • Fakhar-i-Abbas, F. (2009). Ecobiology of Gray Goral (Naemorhedus goral): Gray Goral in Pakistan. Saarbrücken: VDM Verlag