ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন লখিমপুৰ জিলাৰ ঘিলামৰাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮২ চনত স্থাপিত এই বিদ্যালয়খনৰ ভৱনটো ৭৬৫০ বৰ্গ মি: কালিৰ অসম আৰ্হিৰ ঘৰেৰে নিৰ্মিত হৈছে। প্ৰথমতে এইখন মাধ্যমিক বিদ্যালয় হিচাপে আছিল আৰু ১৯৭৯ চনত স্থাপিত হৈছিল। ১৯/১১/৯১ তাৰিখে EPG 567/01/115 যোগে প্ৰতিষ্ঠানখন অসম চৰকাৰৰ অধীনলৈ গৈছিল। ক্ৰমাগত তিনিটা বছৰ মেট্ৰিকত ১০০% উত্তীৰ্ণ হাৰ হোৱা হেতুকে অসম চৰকাৰে ৫ লাখ টকাৰ বৰঙনি আগবঢ়াইছিল।
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় | |
বিদ্যালয়ৰ মূল তোৰণ | |
অৱস্থান | |
---|---|
ঘিলামৰা মিলন নগৰ ঘিলামৰা অসম ভাৰত, ৭৮৭০৫৩, | |
প্ৰাথমিক তথ্যসমূহ | |
স্কু্লৰ প্ৰকাৰ | উচ্চতৰ মাধ্যমিক |
প্ৰতিষ্ঠাকাল | ১৯৮২ |
বিদ্যালয় সমিতি | অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ |
বিদ্যালয়ৰ বিভাগ | লখিমপুৰ |
প্ৰধান শিক্ষক | দণ্ডিধৰ গোঁহাই |
কৰ্মচাৰী | ৪ |
শিক্ষক | ৩৫ |
ছাত্ৰৰ সংখ্যা | ৭৫০+ |
Alumni | http://gthss.org/gthss-alumni-directory |
ৱেবছাইট | http://gthss.org |
মাটিকালি সম্পাদনা কৰক
- সৰ্বমূঠ ১৮ বিঘা
- বিদ্যালয় ভৱন ১১ বিঘা
- খেল পথাৰ ৭ বিঘা
অৱস্থান সম্পাদনা কৰক
বিদ্যালয়খন লখিমপুৰ জিলাৰ ঘিলামৰাৰ মিলন নগৰ গাঁৱত অৱস্থিত।
কৰ্মচাৰী সম্পাদনা কৰক
উচ্চ মাধ্যমিক শ্ৰেণীৰ শিক্ষক ২৬ গৰাকী, উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শিক্ষক ৯ গৰাকী, ৪ গৰাকী কাৰ্যালয় সহকাৰী আৰু ৭৫০ কৈ ও বেছি ছাত্ৰ-ছাত্ৰী।
সা-সুবিধা সম্পাদনা কৰক
কম্পিউটাৰ লেব, পুথিভঁৰাল আৰু হোষ্টেল,
ডি এন এ' সংঘ সম্পাদনা কৰক
ডি এন এ' সংঘ(DNA Club) ৰ শাখা উপলব্ধ য'ত ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ইক' কেম্পবোৰলৈ লৈ যোৱা হয়।
কম্পিউটাৰ লেবেৰটৰী সম্পাদনা কৰক
১০টা কম্পিটাৰেৰে লেবটো সম্পূৰ্ণ য'ত IBM ১০টা পিচি আছে।
পুথিভঁৰাল সম্পাদনা কৰক
বিদ্যালয়ৰ পুথিভঁৰালটো প্ৰয়াত ৰণ্টু কোঁচ আৰু পলাশ চেতিয়াৰ নামত স্থাপিত। ( এই ছাত্ৰ দুজন ২০০৫ চনৰ খেল-ধেমলীৰ সময়ত এক বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাঁৱতি লৈছিল) এই লাইব্ৰেৰীটোত প্ৰায় ১৬৫১খন গ্ৰন্থ আছে।
ছাত্ৰ নিৱাস সম্পাদনা কৰক
ছাত্ৰ নিৱাসটো বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে।
বাহ্যিক সংযোগ সম্পাদনা কৰক
- বিদ্যালয়ৰ অফিছিয়েল ব্লগ Archived 2012-12-20 at Archive.today।
- অনলাইন এলুমিনি ডায়েৰী Archived 2013-04-14 at Archive.today, ইয়াত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ ৰ বিষয়ে বিশদ বিৱৰণ আছে।
তথ্যসূত্ৰ সম্পাদনা কৰক
- http://gthss.org Archived 2013-04-08 at the Wayback Machine বিদ্যালয়ৰ অফিছিয়েল ৱেবচাইট