চেলুলাৰ জে'ল (ইংৰাজী: Cellular Jail) ভাৰতআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷ ১৯৭৯ চনত ছেলুলাৰ জে'লক ৰাষ্ট্ৰীয় স্মাৰকৰূপে (National Memorial) ঘোষণা কৰা হয়৷ ছেলুলাৰ জে'লক কলীয়া পানী বুলিও কয়[2]

চেলুলাৰ জে'ল (আলফাস্তান জে’ল)

চেলুলাৰ জে'ল, আন্দামান
সাধাৰণ তথ্য
প্ৰকাৰ ৰাজনৈতিক বন্দীৰ বাবে কাৰাগাৰ
স্থাপত্য শৈলী Cellular, Pronged
চহৰ পৰ্ট ব্লেয়াৰ, আন্দামান
দেশ ভাৰত
স্থানাংক 11°40′30″N 92°44′53″E / 11.675°N 92.748°E / 11.675; 92.748
নিৰ্মাণ আৰম্ভ ১৮৯৬
সম্পূৰ্ণ ১৯০৬
মূল্য ৫১৭,৩৫২[1]
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক ব্ৰিটিছ ৰাজ

গঠন প্ৰণালী সম্পাদনা কৰক

মূল আন্দামানৰ উত্তৰ-পূব অংশৰ সমুদ্ৰ তীৰত নিৰ্মিত বৃহৎ আৰু ঐতিহাসিক চেলুলাৰ জে'লৰ নামটো ইয়াৰ গঠনশৈলীৰপৰা আহিছে৷ ইয়াত প্ৰত্যেকটো কুঠৰী, অৰ্থাৎ চে'ল (Cell) অকলশৰীয়াকৈ নিৰ্মাণ কৰা হৈছিল৷ ইয়াত কোনো সমূহীয়া কোঠা (Dormitory) নাছিল৷ আৰম্ভনিতে ইয়াত থকা কুঠৰীৰ সংখ্যা ৬৯৮ টা আছিল৷ বৰ্তমান এই সংখ্যা কমি ২৯৬ টা হৈছেগৈ৷ খিৰিকিবিহীন আৰু মাত্ৰ তিনি মিটাৰ উচ্চতাৰ এই সংকীৰ্ণ কুঠৰী বা ছেলত বন্দীসকলৰ ওপৰত জে'ল কৰ্তৃপক্ষই অকথ্য অত্যাচাৰ চলাইছিল৷ তিনিমহলীয়া এই চেলুলাৰ জে'লৰ দ্বিতীয় মহলাৰ বেৰত ১৩ খন ফলকত তেনে ৩৩৬ জন ছহিদৰ নাম খোদিত হৈ আছে৷

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "A memorial to the freedom fighters". Hinduonnet.com. প্ৰকাশক India: The Hindu. August 15, 2004. Archived from the original on October 23, 2007. https://web.archive.org/web/20071023104742/http://www.hinduonnet.com/thehindu/features/andaman/stories/2004081500160200.htm। আহৰণ কৰা হৈছে: September 2, 2006. 
  2. জ্ঞানাঞ্জন প্ৰান্তিক, খণ্ড ২০১৩ ( ১ - ১৫ জুন ) ৩২শ বছৰ (১৩শ সংখ্যা) পৃষ্ঠা নং ৩৭