জিতুমণি কলিতা
জিতুমণি কলিতা (ইংৰাজী: Jeetumoni Kalita, জন্ম: ২৮ আগষ্ট, ১৯৯৯) হৈছে অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. (ইংৰাজী: Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (ইংৰাজী: Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।[1] পুৰস্কাৰ হিচাপে জিতুমণিয়ে তিনি লাখ টকা নগদ ধন পোৱাৰ লগতে এটা ট্ৰফী লাভ কৰিছিল।[2]
জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক
জিতুমণি কলিতা অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। প্ৰায় সাত বছৰ বয়সৰ পৰাই জিতুয়ে নৃত্য কৰিবলৈ আৰম্ভ কৰে। জিতুমণি ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিল। পৰিয়ালত মাক-দেউতাকৰ উপৰিও এজনী ভগ্নী আৰু এজন ভাতৃ আছে।[3]
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ "ZeeTV Artist". ZeeTV Artist. 1999-08-28. Archived from the original on 2012-04-25. https://web.archive.org/web/20120425161028/http://www.zeetvartist.com/did-little-masters1914/jeetu-kalita.html/। আহৰণ কৰা হৈছে: 2011-11-13.
- ↑ "Jeetu Moni Kalita Wins Zee Tv’s Did Little Masters". Realbollywood.com. 2010-08-09. http://www.realbollywood.com/2010/08/jeetu-moni-kalita-wins-zee-tvs-masters.html। আহৰণ কৰা হৈছে: 2011-11-13.
- ↑ Web18 Wiki (1999-08-28). "Jeetu Kalita Biography, Jeetu Kalita Bio, Jeetu Kalita Photos, Videos, Wallpapers, News". Connect.in.com. http://connect.in.com/jeetu-kalita/biography-1940809.html। আহৰণ কৰা হৈছে: 2011-11-13.[সংযোগবিহীন উৎস]