জীৱনীকোষ (গ্ৰন্থ)

অসমীয়া ভাষাৰ জীৱনী গ্ৰন্থ


জীৱনীকোষ(ইংৰাজী: Jiwanikosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাৰ জীৱনী গ্ৰন্থ। ইয়াত দেশ-বিদেশৰ প্ৰায় ১,৪০০ ব্যক্তিৰ জীৱন-টোকা সন্নিৱিষ্ট আছে। ব্যক্তিসকলৰ সম্যক-জীৱন টোকা বস্তুনিষ্ঠভাৱে অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি সন্নিৱিষ্ট হৈছে। কিতাপখনৰ প্ৰথম জ্যোতি প্ৰকাশ সংস্কৰণ হৈছে ২০২১ চনৰ জানুৱাৰী মাহত। সৰ্বমুঠ ৫২০ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ৫৫০ টকা।[1][2]

জীৱনীকোষ  
লেখক শান্তনু কৌশিক বৰুৱা
প্ৰচ্ছদ শিল্পী দিগন্ত বিজয়
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক, জীৱনীভিত্তিক, তথ্যসমৃদ্ধ
প্ৰকাৰ টোকা সংকলন
প্ৰকাশক জ্যোতি প্ৰকাশন
প্ৰকাশ জানুৱাৰী, ২০২১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৫২০

বিৱৰণ সম্পাদনা কৰক

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

তথ্যৰ বৈচিত্ৰময় তথা গতিশীল জগতখনৰ লগত পঢ়ুৱৈক চিনাকি কৰোৱা লেখক, সাংবাদিক, তথ্যসম্ৰাট শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনাত সংকলিত হৈছে জীৱনীকোষ। তেখেতৰ এই কাৰ্যত প্ৰকল্প সহযোগী হিচাপে থকা প্ৰীতিমা কৌশিক বৰুৱাৰ লগতে সংকলন সহযোগীসকল হৈছে, অভিজিত শৰ্মা বৰুৱা, ঈশান জ্যোতি বৰা, ড০ প্ৰীতমপ্ৰিয়া গোস্বামী, নয়নজ্যোতি বৰা, ড০ প্ৰসেনজিৎ খনিকৰ আৰু অনামিকা বড়া।[1][2]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 শান্তনু কৌশিক বৰুৱা (জানুৱাৰী,২০২১). জীৱনীকোষ. জ্যোতি প্ৰকাশন. 
  2. 2.0 2.1 "প্ৰকাশ পালে প্ৰথম অসমীয়া সৰ্ববৃহৎ জীৱনী সংকলন". বাতৰি. নিয়মীয়া বাৰ্তা. ৩১ ডিচেম্বৰ,২০২০. 

লগতে চাওক সম্পাদনা কৰক