তাৰক চন্দ্ৰ গোস্বামী (ইংৰাজী: Tarok Chandra Goswami) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ প্ৰবন্ধকাৰ।

তাৰক চন্দ্ৰ গোস্বামী
জন্ম ১৬ এপ্ৰিল, ১৯৩৮
বৰপেটা জিলাৰ বৰনগৰ সৰভোগৰ নুনতোলা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম ১৯৩৮ চনৰ ১৬ এপ্ৰিল শনিবাৰে বৰ্তমান বৰপেটা জিলাৰ বৰনগৰ সৰভোগৰ নুনতোলা গাৱঁত॥[1]

শিক্ষা সম্পাদনা কৰক

  • ১৯৫৯ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা আই-এচ-চি পাছ কৰে।
  • ১৯৬১ চনত গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে।
  • ১৯৬৫ চনত এলাহবাদ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে॥[2]

চাকৰি জীৱন সম্পাদনা কৰক

  • তেখেতে ১৯৬১-৬৩ চনত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কাম কৰিছিল।
  • ১৯৬৫-৬৬ চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা কৰিছিল।
  • ১৯৬৬-৯৯ চনলৈকে গুৱাহাটী ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা কাম কৰিছিল আৰু এই মহাবিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল।[3]

সাহিত্যৰাজি সম্পাদনা কৰক

প্ৰবন্ধ প্ৰকাশ সম্পাদনা কৰক

  • আৱাহন
  • ৰামধেনু
  • সাদিনীয়া নৱযুগ
  • মণিদীপ
  • বুধবাৰ
  • অগ্ৰদূত
  • দৈনিক অসম
  • আজিৰ অসম
  • নতুন দৈনিক
  • গৰীয়সী আদি।[4]

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  • হৰেকৃষ্ণ ডেকাৰ সৈতে 'উত্তৰ' সম্পাদনা, ১৯৮৬।
  • ড° হীৰেণ গোহাঁই আৰু অনিল ৰায়চৌধুৰীৰ সৈতে 'নতুন পৃথিৱী' সম্পাদনা, ১৯৭১।[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭
  2. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭
  3. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭
  4. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭
  5. অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭