ড° তিলোত্তমা মিশ্ৰ অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁৰ জন্ম হৈছিল ১৯৪৭ চনত, শ্বিলঙত। প্ৰাথমিক শিক্ষা শ্বিলঙতে গ্ৰহণ কৰা মিশ্ৰই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

ড॰ তিলোত্তমা মিশ্ৰ
জন্ম ১৯৪৭
শ্বিলং, মেঘালয়
পেচা ঔপন্যাসিক, প্ৰবক্তা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ., পি.এইচ.ডি.
উল্লেখনীয় কৰ্মৰাজি কা মেইখাৰ ঘৰ
উল্লেখযোগ্য বঁটা ভাৰতীয় ভাষা পৰিষদৰ ঈশান পুৰস্কাৰ (১৯৯৫),
লুম্মেৰ দাই সাহিত্য বঁটা (২০১৭)

দিল্লীৰ ইন্দ্ৰপ্ৰস্থ কলেজত ইংৰাজী সাহিত্যৰ অধ্যাপনাৰে কৰ্মজীৱন আৰম্ভ কৰা তিলোত্তমা মিশ্ৰই পিছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপক হিচাপে কৰ্মৰত হয় আৰু ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে।

প্ৰকাশিত গ্ৰন্থৰাজি সম্পাদনা কৰক

  • স্বৰ্ণলতা (১৯৯১), লৌহিত্য সিন্ধু (১৯৯৭), কা মেইখাৰ ঘৰ (২০১৩)
  • Literature and Society in Assam: A Study of the Assamese Renaissance 1826-1926 (1987)
  • Ramnabami Natak: the Story of Ram and Nabami (2007) (অনুবাদ গ্ৰন্থ)

বঁটা/সন্মান সম্পাদনা কৰক

  • স্বৰ্ণলতা উপন্যাসৰ বাবে ১৯৯৫ চনত ভাৰতীয় ভাষা পৰিষদৰ ঈশান পুৰস্কাৰ লাভ কৰে।
  • ২০১৭ চনত অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা লাভ কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক