তিল কপৌ

সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই

তিল কপৌ (ইংৰাজী: Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।

তিল কপৌ
(Spotted Dove)
টাছমেনিয়াত S. c. tigrina উপ-প্ৰজাতিৰ তিল কপৌ]])
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Spilopelia
প্ৰজাতি: S. chinensis
বৈজ্ঞানিক নাম
Spilopelia chinensis
(Scopoli, 1768)
Subspecies
  • chinensis Scopoli, 1768
  • ceylonensis Reichenbach, 1862
  • hainana Hartert, 1910
  • suratensis JF Gmelin, 1789
  • tigrina Temminck, 1811
সমাৰ্থক
  • Streptopelia chinensis
  • Stigmatopelia chinensis

বিৱৰণ সম্পাদনা কৰক

তিল কপৌৰ দেহৰ মূৰ আৰু পেট অংশ মুগা-গুলপীয়া (rosy grey) হয়। ডেউকা দুখন মটিয়া। ডিঙিৰ ওপৰঅংশত ক’লা-বগাকৈ সৰু সৰু কিন্তু গাঢ় দাগ কিছুমান আছে।[2][3]

বিতৰণ তথা বসতিস্থল সম্পাদনা কৰক

এছিয়াৰ প্ৰায় সকলো অংশতে তিল কপৌ বহুলভাৱে বিস্তৃত। ই সাধাৰণতে কাঠনি (woodland), কাইঁটীয়া হাবি (scrub), খেতি-পথাৰ (farmland) আদিত বসবাস কৰা দেখা পোৱা যায়। তিল কপৌৱে বেছিভাগ সময় মাটিত চৰি ফুৰে।[4]

আচৰণ সম্পাদনা কৰক

তিল কপৌৱে জোৰ পাতি বা সৰু জাকত গুটি, সৰা ফল বা অন্যান্য উদ্ভিদৰ সন্ধানত মাটিত চৰে[5][6] মাজেসময়ে অৱশ্যে ইহঁতে পোক-পতংগ আদিও খোৱাৰ তথ্য পোৱা গৈছে।[7]

আলোকচিত্ৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. BirdLife International (2011). "Stigmatopelia chinensis". IUCN Red List of Threatened Species. Version 2009. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002503। আহৰণ কৰা হৈছে: 29 January 2009. 
  2. Baker, EC Stuart (1913). 203-213 Indian pigeons and doves. প্ৰকাশক London: Witherby & Co.. http://archive.org/stream/indianpigeonsdov00bake#page/203/mode/1up 203-213. 
  3. Blanford, WT (1898). The Fauna of British India. Birds. Volume 4. প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 43–44. http://archive.org/stream/birdsindia04oaterich#page/43/mode/1up. 
  4. Handbook of the birds of India and Pakistan. Volume 3 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. 1981. পৃষ্ঠা. 151–155. 
  5. Sadedin SR; Elgar MA (1998). "The influence of flock size and geometry on the scanning behaviour of spotted turtle doves, Streptopelia chinensis". Australian Journal of Ecology খণ্ড 23 (2): 177–180. doi:10.1111/j.1442-9993.1998.tb00715.x. 
  6. Satheesan SM; Rao, Prakash; Datye, Hemant (1990). "Biometrics and food of some doves of the genus Streptopelia". J. Bombay Nat. Hist. Soc. খণ্ড 87 (3): 452–453. 
  7. Sivakumaran N; Rahmani AR (2005). "Spotted Dove Streptopelia chinensis feeding on winged termites". Journal of the Bombay Natural History Society খণ্ড 102 (1): 115. 

বাহ্যিক সংযোগ সম্পাদনা কৰক