দ্য স্কাই ইজ ফলিং (২০০১ উপন্যাস)

দ্য স্কাই ইজ ফলিং (ইংৰাজী: The Sky Is Falling) হ'ল ২০০১ চনত আমেৰিকান সাহিত্যিক ছিডনী শ্বেলডনৰ দ্বাৰা ৰচিত এক উপন্যাস

দ্য স্কাই ইজ ফলিং  
লেখক ছিডনী শ্বেলডন
দেশ আমেৰিকা
ভাষা ইংৰাজী
প্ৰকাৰ অপৰাধ উপন্যাস
প্ৰকাশক ৱিলিয়াম ম'ৰ'
প্ৰকাশ ২০০১
মিডিয়া প্ৰকাৰ মূদ্ৰণ (পকাবন্ধা আৰু কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা ৪১৬ pp
আই.এচ.বি.এন. 0-446-61017-8
অ.চি.এল.চি নং 47349371
পূৰ্বৱৰ্তী টেল মী য়ৰ ড্ৰীমছ
পৰৱৰ্তী আৰ য়ু এফ্ৰেইড অৱ দ্য ডাৰ্ক?

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

যদি আমেৰিকাত এক ৰাজপৰিয়াল থাকিলহেতেন তেন্তে নিশ্চয়কৈ সেয়া ৱিনথ্ৰপ পৰিয়াল হ'লহেতেন। জনসেৱা,প্ৰচূৰ দান বৰঙনি আৰু গ্লেমাৰসম্পন্ন জীৱন যাপন আদিৰ জৰিয়তে গোটেই বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা ৱিনথ্ৰপ সকল প্ৰায় ভগৱানৰ শাৰীত পৰিছিল। কিন্তু এবছৰৰ ভিতৰতে টেইলৰ ৱিনথ্ৰপ,তেওঁৰ পত্নী,জীয়ৰী আৰু দুই পুত্ৰই কিছুমান "দুৰ্ঘটনা"ত মৃত্যু বৰণ কৰে। ৱাছিংটন টিভি নেটৱৰ্কৰ আকৰ্ষণীয় যুৱ আঁত ধৰোতা ডেনা ইভান্সে ইয়াত কিবা গূঢ় ৰহস্য লুকাই থকা বুলি অনুভৱ কৰে আৰু ৰহস্যৰ সন্ধানত নামি পৰে। আমেৰিকান উচ্চ বিষয়া ৰজাৰ হাডচনে তাইক সহায় কৰে। হত্যাকাৰীৰ সন্ধানত ডেনাই ফ্ৰান্স,ৰাছিয়া ইটালী আদি অনেক দেশলৈ যাবলগীয়া হয়। আৰু ক্ৰমে ক্ৰমে তাই অধিক ৰহস্যৰ মাজলৈ সোমাই যায়। এক ভয়াল নিগনি মেকুৰীৰ খেলৰ মাজত ডেনা বন্দী হয় যাক মৃত্যুৱে পলে পলে অনুসৰণ কৰি থাকে। অৱশেষত ডেনাই হত্যাৰ কাৰণ বিচাৰি পায়। ৰাছিয়াৰ পৰা চোৰাং প্লুটনিয়ামৰ বিক্ৰী সন্দৰ্ভতেই টেইলৰ ৱিনথ্ৰপৰ এক সংগীয়ে তেওঁক সবংশে ধ্বংস কৰে। কিন্তু ডেনাই এই সংগীৰ নাম জনাৰ আগতেই তাইৰ ওপৰত কেইবাটাও প্ৰাণঘাতী আক্ৰমণ হয়। তেতিয়া তাই ৰজাৰ হাডচনৰ সহায় বিচাৰে। কিন্তু ঘটনাক্ৰমত ওলাই পৰে যে হাডচনেই সেই সংগী আৰু তেৱেই ডেনাক হত্যাৰ চেষ্টা চলাইছিল। অৱশেষত ডেনাই সকলো ফাদিল কৰিবলৈ সক্ষম হয় আৰু পলাবলৈ কৰা এক চেষ্টাত হাডচন পৰিয়াল মৃত্যুমুখত পৰে। শ্বাসৰূদ্ধকাৰী এই অভিযানৰ অন্তত ডেনাই জেফ আৰু তুলি লোৱা সন্তান কেমলৰ সৈতে সুখত থাকে।

গ্ৰন্থালোচনা সম্পাদনা কৰক

মাউথশ্বাটে ইয়াক পাঁচটা তৰাৰ ভিতৰত চাৰিটা দি কৈছে "এখন উপভোগ্য ৰহস্য উপন্যাসৰ আটাইকেইটা উপাদানেই ইয়াত আছে-এক নিখুঁট পটভূমি,ৰহস্যময় চৰিত্ৰ,সঠিক গতি,বিশ্বাসযোগ্য যুক্তি আৰু এক পৰিপূৰক সামৰণি।"[1] গুডৰীড ডট কমে ইয়াক ৫টাৰ ভিতৰত ৩.৪টা তৰা দিয়ে। তাত ভেৰোণিকা ছিংগলটোনে কয় "তুমি যদি এক দ্ৰুতগতিৰ ৰহস্য উপন্যাস ভাল পোৱা তেন্তে ইয়াক পঢ়া উচিত"।[2]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "SKY IS FALLING, THE - SIDNEY SHELDON Reviews and Ratings". MouthShut.com. http://www.mouthshut.com/product-reviews/Sky-Is-Falling-The-Sidney-Sheldon-reviews-925007522। আহৰণ কৰা হৈছে: 2013-02-17. 
  2. Sidney Sheldon (2012-08-17). "Veronica Singleton's review of The Sky Is Falling". Goodreads.com. http://www.goodreads.com/review/show/350154435। আহৰণ কৰা হৈছে: 2013-02-17. 
পূৰ্বৱৰ্তী
টে'ল মী য়'ৰ ড্ৰীম্‌ছ
ছিডনী শ্বেলডন ৰচিত উপন্যাস
২০০১
পৰৱৰ্তী
আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক?