নেলী হৈছে অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত এই চহৰখন চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য্য, আৰু ঐতিহাসিক তাৎপৰ্যৰ বাবে জনাজাত।[1]

অবৈধ প্ৰব্ৰজনকাৰী ( Determination by Tribunal) আইন, ১৯৮৩ ৰ বিৰোধিতাৰ ফলস্বৰূপে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত অসম আন্দোলনৰ প্ৰাকক্ষণত সংঘটিত হোৱা কৰুণ পৰিঘটনাৰ বাবে নেলী আজিও জনাজাত।[2]

নেলীৰ হত্যাকাণ্ড[3] বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়। ১৮ ফেব্ৰুৱাৰীৰ দিনা ছঘণ্টা জুৰি চলা এই হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল (বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০)।[4] আক্ৰান্ত ১৪ খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী। আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰবজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি কোনো কোনো সূত্ৰই কয়।[5] আন কিছুমানৰ মতে সংখ্যালঘূ সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দিয়া হৈছিল।[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Trek along the paths less treaded in Assam’s Nellie". telegraphindia.com. https://www.telegraphindia.com/north-east/trek-along-the-paths-less-treaded-in-assam-s-nellie/cid/1679925. 
  2. "কিয় হােৱা নাই অসমৰ নেলী হত্যাকাণ্ডৰ বিচাৰ". https://www.sangbadprahari.com/2019/02/blog-post_18.html?m=1. 
  3. (Assam Tribune 2008)
  4. "নেলী, ১৯৮৩: গণকবৰৰ এপিতাফত জীৱন্ত গণহত্যাৰ কাহিনী". https://www.versatilestory.com/2021/02/Nellie-Barbori-Massacre-Assam-Movement-1983-Massgraveyard.html?m=1. 
  5. "নেলী ১৯৮৩; ন্যায়-অন্যায়ৰ দোমোজাত ইতিহাসৰ এটা অবিস্মৰণীয়, ৰক্তৰঞ্জিত অধ্যায়". pragnews.com. https://pragnews.com/index.php/regional-assamese/%E0%A6%A8%E0%A7%87%E0%A6%B2%E0%A7%80-%E0%A7%A7%E0%A7%AF%E0%A7%AE%E0%A7%A9;-%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%9F-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%9F%E0%A7%B0-%E0%A6%A6%E0%A7%8B%E0%A6%AE%E0%A7%8B%E0%A6%9C%E0%A6%BE%E0%A6%A4-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A7%B0-%E0%A6%8F%E0%A6%9F%E0%A6%BE-%E0%A6%85%E0%A6%AC%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%B0%E0%A6%A3%E0%A7%80%E0%A7%9F,-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%BF%E0%A6%A4-%E0%A6%85%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%9F. 
  6. Goel, Rekha. "25 years on...Nellie still haunts". http://www.thestatesman.net/page.arcview.php?clid=14&id=224178&usrsess=1.