পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ : কঠিন, জুলীয়া, আৰু গেছীয় এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ। পদাৰ্থৰ আন আন অৱস্থাবোৰ যেনে ব’ছ-আইনষ্টাইন ঘনীভৱন, নিউট্ৰণ তৰা আৰু কোৱাৰ্ক-গ্লুৱন প্লাজমা, আদি সম্ভৱপৰ বুলি ধাৰণা কৰা হয়; কিন্তু সাধাৰণ পৰিবেশত এই অৱস্থাবোৰৰ উপস্থিতি অনুভৱ কৰা নাযায়। বেৰিয়নিক পদাৰ্থৰ সৰহখিনিয়েই উষ্ণ প্লাজমা অৱস্থাত, অতি পাতল আন্তঃনাক্ষত্ৰিক মাধ্যম আৰু অতি গধুৰ তৰা হিচাপে বিশ্ব-ব্ৰক্ষ্মাণ্ডত বিদ্যমান।

পুৰণিকালত পদাৰ্থৰ অৱস্থা ইয়াৰ বাহ্যিক আকাৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। কঠিন অৱস্থাটোত পদাৰ্থৰ আয়তন আৰু আকৃতি সুদৃঢ় ; জুলীয়া অৱস্থাটোত পদাৰ্থৰ আয়তন অতি সামান্যভাৱে পৰিবৰ্তনীয় আৰু ই পাত্ৰৰ আকৃতি ধাৰণ কৰে আৰু গেছীয় অৱস্থাটোত পদাৰ্থ বিয়পি গৈ পাত্ৰৰ আয়তন আৰু আকৃতি ধাৰণ কৰে।

এই ছবিখনে পদাৰ্থৰ বিভিন্ন দশা সংক্ৰমণৰ নামাকৰণ কৰিছে

যিকোনো পদাৰ্থৰ অৱস্থা বা দশাৰ পৰিবৰ্তন চাপ আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু এই চৰ্ত দুটাৰ বাবেহে আন এটা দশালৈ সংক্ৰমণ ঘটে। উদাহৰণ স্বৰূপে, উষ্ণতা বৃদ্ধিৰ লগে লগে কঠিন পদাৰ্থ জুলীয়া পদাৰ্থলৈ পৰিবৰ্তিত হয়।

পদাৰ্থৰ অৱস্থাক আকৌ দশাৰ পৰিবৰ্তন হিচাপে নামাকৰণ কৰিব পাৰি। এটা দশাৰ পৰিবৰ্তনে পদাৰ্থ এটাৰ আকাৰৰ পৰিবৰ্তন সূচিত কৰে আৰু ইয়াক পদাৰ্থবিধৰ ধৰ্মৰ তাত্‌ক্ষণিক পৰিবৰ্তনৰপৰা জানিব পাৰি।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক