পাকৈঢোৰা

ধনেশৰ এবিধ প্ৰজাতি

পাকৈঢোৰা[2] বা কাও ধনেশ[2] বা ঢেকঢেকী[2] বা টেকটেকী(ইংৰাজী: Oriental Pied Hornbill, বৈজ্ঞানিক নাম:Anthracoceros albirostris) 'Bucerotidae' পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷

পাকৈঢোৰা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Coraciiformes
পৰিয়াল: Bucerotidae
গণ: Anthracoceros
প্ৰজাতি: A. albirostris
বৈজ্ঞানিক নাম
Anthracoceros albirostris
(Shaw & Nodder, 1807)

বিৱৰণ সম্পাদনা কৰক

মতা পাকৈঢোৰা আকাৰ ৫৫-৬০ ছে: মি: আৰু মাইকী পাকৈঢোৰাৰ আকাৰ মতাতকৈ অলপ সৰু৷ ইয়াৰ ডেউকাৰ দৈৰ্ঘ্য সাধাৰণতে ২৩-৩৬ ছে: মি: হয়৷ মতা আৰু মাইকীৰ ঠোঁটৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে ১৯ আৰু ১৬ ছে: মি: হোৱা দেখা যায়৷ পাকৈঢোৰা মতা আৰু মাইকী চৰাই দেখাত প্ৰায় একে হয়৷ ইয়াৰ ডিঙি, বুকু আৰু ডেউকা সেউজীয়া জিলিকণি থকা ক’লা বৰণৰ (black with greenish gloss) হয়। তলৰ বুকু, পেট আদি বগা, নেজ ডাল ক’লা আৰু নেজৰ আগটো বগা হয়৷৷[3]

বিতৰণ সম্পাদনা কৰক

ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াবাংলাদেশ, ভূটান, কম্বোডিয়া, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, চিংগাপুৰ, থাইলেণ্ড, তীব্বত, আৰু ভিয়েটনাম ত বিস্তৃত হৈ আছে৷

বাসস্থান সম্পাদনা কৰক

ক্ৰান্তীয় সেমেকা বনাঞ্চল ইয়াৰ স্বাভাৱিক বাসস্থান৷ [4]

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

পাকৈঢোৰাই সাধাৰণতে বিভিন্ন ফলমূল, সৰীসৃপ যেনে জেঠী, ভেকুলী আৰু পোক-পতংগ আদি খাই জীয়াই থাকে৷ [4]

স্থিতি সম্পাদনা কৰক

পাকৈঢোৰাক আই.ইউ. চি. এনৰ ৰেড লিষ্টত ‘Least Concern (LC)’ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছে৷ [5]

আলোকচিত্ৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. BirdLife International (2012). "Anthracoceros albirostris". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600947। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 2.2 চৌধুৰী, আনোৱাৰুদ্দিন (২০০০). The Birds of Assam. প্ৰকাশক গুৱাহাটী: Gibbon Books. পৃষ্ঠা. ১৯৮. ISBN [[Special:BookSources/৮১-৯০০৮৬৬-2-6}|৮১-৯০০৮৬৬-2-6}]]. 
  3. "Oriental Pied Hornbill - Anthracoceros albirostris : WAZA : World Association of Zoos and Aquariums". WAZA. Archived from the original on 2015-10-15. https://web.archive.org/web/20151015185749/http://www.waza.org/en/zoo/choose-a-species/birds/kingfishers-hornbills-and-relatives-coraciiformes/anthracoceros-albirostris। আহৰণ কৰা হৈছে: 2013-01-30. 
  4. 4.0 4.1 "Oriental Pied Hornbill (Anthracoceros albirostris) - BirdLife species factsheet". Birdlife.org. http://www.birdlife.org/datazone/speciesfactsheet.php?id=947। আহৰণ কৰা হৈছে: 2013-01-30. 
  5. IUCN Red List (March, 2011), http://www.iucnredlist.org

বাহ্যিক সংযোগ সম্পাদনা কৰক