পিগি বেংক

মুদ্ৰা সাঁচি থ'ব পৰা পাত্ৰ

পিগি বেংক (ইংৰাজী: Piggy Bank) হ'ল এটা বাকচ বা বন্ধ পাত্ৰ,য'ত মুদ্ৰা সাঁচি ৰাখিব পাৰি৷ কিন্তু এই বেংকৰ লগত পিগি বা গাহৰিৰ কোনো সম্পৰ্ক নাই৷ আনকি সাঁচিব জনা জন্তু হিচাপেও গাহৰিৰ নাম নাই৷ কুকুৰে কেতিয়াবা হাড় মাটিত পুতি ভৱিষ্যতৰ বাবে সাঁচি থয়,কেৰ্কটুৱায়ো বাদাম সাঁচে,কিন্তু গাহৰিয়ে একো সাঁচি নাৰাখে৷ [1]

১৯৭০ দশকৰ এটা পিগি বেংক

ইতিহাস সম্পাদনা কৰক

 
১৪-১৫ শতিকাৰ পিগি বেংক (নেশ্যনেল মিউজিয়াম অফ ইণ্ডোনেছিয়া, জাকাৰ্টা)

পঞ্চদশ শতিকাত ধাতুবোৰ বেচ দামী আছিল আৰু বাচন-বৰ্তন হিচাপে ধাতু খুব কমেইহে ব্যৱহাৰ কৰা হৈছিল৷ থাল-বাটিবোৰ পিগ (Pygg) নামৰ এবিধ সস্তীয়া মাটিৰে তৈয়াৰ কৰা হৈছিল৷ তদুপৰি এই মাটিৰে আন ধৰণৰ বন্ধ বা সৰু ছিদ্ৰ থকা পাত্ৰ তৈয়াৰ কৰা হৈছিল৷ গৃহিনীসকলে তেওঁলোকে ৰাহি কৰা কিছুমান মুদ্ৰা এনে মাটিৰ পাত্ৰত সাঁচি থৈছিল৷ তেওঁলোকে সেই বেংকক পিগ বা পিগি বেংক বুলি কৈছিল৷[1]

প্ৰচাৰ সম্পাদনা কৰক

যেতিয়া পিগি বেংক বিখ্যাত হৈ উঠিল,আৰু তেনে কাম কৰা প্ৰতিষ্ঠানবোৰে পিগি বেংক তৈয়াৰ কৰিবৰ বাবে বহু অৰ্ডাৰ পালে৷ তেতিয়া তেওঁলোকে সেই বেংক বা পাত্ৰৰ আকৃতি গাহৰি বা পিগৰ দৰে কৰিলে,যাতে সৰু ল'ৰা-ছোৱালীবোৰ তাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে৷ সৰু ল'ৰা-ছোৱালীবোৰ সঁচাকৈয়ে তেনে আকাৰৰ দ্বাৰা আকৃষ্ট হ'ল আৰু পিগি বেংকেবেচ জনপ্ৰিয়তা অৰ্জন কৰিলে৷[1]

চিত্ৰভঁৰাল সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩২শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৩৩. ১ - ১৫ ডিছেম্বৰ ২০১২. 
  2. Hurschmann, Rolf (Hamburg): "Money boxes", Hubert Cancik and Helmuth Schneider (ed.): New Pauly, Brill, 2009

বাহ্যিক সংযোগ সম্পাদনা কৰক