প্ৰাগঐতিহাসিক অসমৰ লিখিত ইতিহাস পুৰাণ, তন্ত্ৰ শাস্ত্ৰ আদিতে সীমিত। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল।[1] মহীৰঙ্গ (সম্ভৱতঃ ময়ৰঙ্গ) দানৱ নামৰ এজন অনাৰ্য ৰজাই প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ উল্লেখ পোৱা যায়। তেওঁৰ মৃত্যুৰ পিছত একে বংশৰে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামৰ তিনিজন ৰজা ৰাজপাটত উঠিছিল। তেওঁলোকৰ পিছত কিৰাত ৰজা ঘটক বা ঘটকাসুৰ প্ৰাগজ্যোতিষৰ ৰাজসিংহাসনত বহে। নৰকাসুৰে ঘটকক যুদ্ধত পৰাজিত কৰি নিজে ৰজা হয়।[2]

পুৰাণ, তন্ত্ৰ শাস্ত্ৰ ইত্যাদিত নৰকাসুৰৰ বিষয়ে উল্লেখ আছে। কালিকা পুৰাণত নৰকক ধৰিত্ৰী বা ভূমিদেৱীৰ পুত্ৰ বুলি কোৱা হৈছে। সেয়ে নৰকৰ বংশক ভৌম বংশ বুলিও জনা যায়। নৰকে বিদৰ্ভ ৰাজকন্যা মায়াক বিয়া কৰাইছিল। গুৱাহাটীকামাখ্যা মন্দিৰ আৰু খটখটী পোনতে নৰকাসুৰে সজাইছিল।[2]

শ্ৰীকৃষ্ণৰ হাতত নৰকাসুৰৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুত্ৰ ভগদত্ত প্ৰাগজ্যোতিষৰ ৰজা হয়। কালিকা পুৰাণ, ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আৰু মহাভাৰতৰ কেইবাঠাইতো ভগদত্তৰ বীৰত্ব আৰু পৰাক্ৰমৰ উল্লেখ আছে। তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত (অনুমানিক ৯৫০ খ্ৰী:পূ:) বহতো হাতীৰে সৈতে এদল কিৰাত আৰু চীনা সৈন্য লৈ কৌৰৱৰ ফলীয়া হৈ যুঁজ কৰিছিল। ভগদত্তৰ পিছত পুতেক (কিছুসংখ্যকৰ মতে ভায়েক) বজ্ৰদত্ত প্ৰাগজ্যোতিষৰ ৰজা হয়।[2]

কৌটিল্যয়ো (খ্ৰী:পূ: চতুৰ্থ-তৃতীয় শতিকা) প্ৰাগজ্যোতিষ ৰাজ্যৰ কেইবাখনো ঠাইৰ নাম উল্লেখ কৰিছে।[2]

প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা (নগাঁও), কদলি (নগাঁও), মণিপুৰ , হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা পোৱা যায়৷ পুৰণি অসমত ৰাজত্ব কৰা অন্যান্য ৰজাৰ ভিতৰত কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক, শোণিতপুৰবাণৰজা, নৰশংকৰ বা নাগাক্ষ ৰজা, দেৱেশ্বৰ অন্যতম৷[3]

কিংবদন্তি মতে শিৱভক্ত বাণৰজাৰ জীয়ৰি ঊষাৰ সৈতে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰণয়ৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু তেওঁলোক গোপনে গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আৱদ্ধ হৈছিল। বাণৰজাই এই কথা গম পাই অনিৰুদ্ধক বন্দী কৰি ৰাখে আৰু সেয়ে শ্ৰীকৃষ্ণ সসৈন্যে শোণিতপুৰ পায়হি। ইফালে শিৱয়ো তেওঁৰ ভক্তক ৰক্ষা কৰিবলৈ সেনাবাহিনী লৈ শোণিতপুৰত উপস্থিত হয়হি। ইয়াৰ ফলশ্ৰুতিত শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত তুমুল ৰণ লাগে। ইয়েই বিখ্যাত হৰি-হৰৰ যুদ্ধ।

অন্য এক কিংবদন্তি মতে শ্ৰীকৃষ্ণৰ মহিষী ৰুক্মিণী শদিয়াৰ ওচৰৰ কুণ্ডিল ৰজাৰ জীয়ৰি আছিল। ই প্ৰমাণ কৰে যে সেই সময়ৰ অসমৰ সৈতে ভাৰতৰ আন প্ৰান্তৰ বৈবাহিক সম্বন্ধ পৰ্যন্ত চলিছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. বৰুৱা, কনকলাল (অনু: অঞ্জন শৰ্মা) (২০২০). প্ৰাচীন কামৰূপৰ ইতিহাস. powershift. পৃষ্ঠা. ৩৮,৪৬. ISBN 978-93-87494-38-1. 
  2. 2.0 2.1 2.2 2.3 ড° লক্ষ্মী দেৱী (২০-২৮). অসম দেশৰ বুৰঞ্জী. এলবিএছ পাব্লিকেশ্যন. 
  3. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷