ফিল্মফেয়াৰ

ভাৰতীয় চলচ্চিত্ৰ আলোচনী

ফিল্মফেয়াৰ (ইংৰাজী: Filmfare) হ’ল হিন্দী চলচ্চিত্ৰৰ (সততে বলীউড হিচাপে পৰিচিত) বিষয়ে এখন ইংৰাজী ভাষাৰ, টেবলয়ড আকাৰৰ আলোচনী। এই আলোচনীখন দ্য টাইম গ্ৰুপৰ দ্বাৰা প্ৰকাশিত হয়। ফিল্মফেয়াৰ ভাৰতৰ এক জনপ্ৰিয়[উদ্ধৃতিৰ প্ৰয়োজন] বিনোদনধৰ্মী আলোচনী।

ফিল্মফেয়াৰ

ফেব্ৰুৱাৰী,২০০৬ সংখ্যাৰ বেটুপাতত শ্বাহৰুখ খান, অমিতাভ বচ্চন আৰু অন্যান্য চলচ্চিত্ৰ শিল্পী
প্ৰকাশনৰ হাৰ পষেকীয়া
বিতৰণ ১.৪ লাখ
প্ৰথম সংখ্যা ১৯৫২[1]
কোম্পানী ৱৰ্ল্ডৱাইড মিডিয়া
ভিত্তি মুম্বাই
ভাষা ইংৰাজী
ৱেবচাইট আধিকাৰিক ৱেবছাইট

আলোচনী সম্পাদনা কৰক

 
১৯ ৬৩ৰ এটা শংখ্যাৰ বেটুপাতত বৈজয়ন্তীমালা

ফিল্মফেয়াৰ ভাৰতৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ আলোচনী আৰু লগতে ইয়াৰ বঁটা সমূহো[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰথমতে ই দ্য টাইম গ্ৰুপৰ এটা অংশ আছিল যিয়ে দ্য টাইমছ অৱ ইণ্ডিয়া, দ্য ইকনমিক টাইমছ,নৱভাৰত টাইমছ আৰু মহাৰাষ্ট্ৰ টাইমছো প্ৰকাশ কৰিছিল। ২০০৫ চনত ফিল্মফেয়াৰ আৰু অন্য কিছুমান প্ৰকাশন , বিশেষকৈ ফেমিনা, এক সহায়ক গোটত ভাগ হৈ যায়। ইয়াৰ নতুন মালিকগোষ্ঠী , ৱৰ্ল্ডৱাইড মিডিয়া আছিল দ্য টাইমছ গ্ৰুপ আৰু বিবিচি মেগাজিনছৰ মাজত এক ৫০:৫০ ব্যৱসায়।

ফিল্মফেয়াৰে দুই ধৰণৰ চলচ্চিত্ৰ বঁটাৰ প্ৰৱৰ্তন কৰিছে: হিন্দী ভাষাৰ চলচ্চিত্ৰৰ বাবে “ফিল্মফেয়াৰ এৱাৰ্ডছ” আৰু কানাডা,মালায়ালম,তামিল আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰৰ বাবে “ফিল্মফেয়াৰ এৱাৰ্ডছ ছাউথ”।

নিয়মীয়া শিতান সম্পাদনা কৰক

 
১৩ ডিচেম্বৰ,১৯ ৬৩ শংখ্যাৰ বেটুপাতত দেৱ আনন্দ
নয়ন
হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বা-বাতৰি; অভিনেতা-অভিনেত্ৰী সকলৰ শেহতীয়া কাজিয়াৰ খবৰ; চেলিব্ৰেটী সম্পৰ্কীয় কথা-বতৰা আৰু উৰাবাতৰি
বিগ টিকেট
আহিবলগীয়া আৰু চলি থকা ছবি সম্বন্ধীয় আলোচনা। বহুতো চিত্ৰ সম্বলিত চুটি প্ৰবন্ধ।
ফেশ্বন প্লে
তাৰকা সকলৰ সাজ সজ্জা সম্বন্ধীয় কথা বতৰা।
ফোটো শ্বুটছ
এটা বিষয়ৰে সৈতে বিখ্যাত ফটোগ্ৰাফাৰ সকলৰ আলোকচিত্ৰ শৃংখলা।
ফিউচাৰ ষ্টক
কোন নতুন অভিনেতা,সংগীতগ্য বা নিৰ্দেশকে তাৰকাৰ মৰ্যাদা পাব সৈ সম্বন্ধে গুণা-গঁঠা।
জেনেৰেশ্যন নেক্সট
কম বয়সীয়া তাৰকা সমূহৰ বিষয়ে তথ্য -পাতি।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Press in India, Issue 33. Office of the Registrar of Newspapers. 1989. পৃষ্ঠা. 75. 

বাহ্যিক সংযোগ সম্পাদনা কৰক