ব'ছন (ইংৰাজী: Boson) হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা (Subatomic particle)। এই কণিকাই ব'ছ-আইনষ্টাইন পৰিসংখ্যা(Bose–Einstein statistics)মানি চলে। প্ৰখ্যাত ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ (ব'ছ-আইনষ্টাইন পৰিসংখ্যাৰ ব'ছ) নামানুসাৰে এই কণিকাৰ নামকৰণ কৰা হৈছে।[1]'ব'ছন' নামটো পোনপ্ৰথমবাৰৰ বাবে তাত্ত্বিক পদাৰ্থবিজ্ঞানী প'ল ডিৰাকে ব্যৱহাৰ কৰিছিল ।ব'ছন কণিকাৰ উদাহৰণ হৈছে ফ'ট'ন , গ্লোৱন, W আৰু Z ব'ছন।

মৌলিক কণিকা সমূহৰ মান্য তালিকা; শেষ শাৰীত ব’ছন সমূহ থাকে

একেটা শক্তিস্তৰত একাধিক ব'ছন একেলগে থাকিব পাৰে, যিটো পাউলিৰ নীতি মানি চলা ফাৰ্মিয়ন কণিকাৰ পক্ষে সম্ভব নহয়।

টোকা সম্পাদনা কৰক

  1. "boson (dictionary entry)". Merriam-Webster's Online Dictionary. http://www.merriam-webster.com/dictionary/boson। আহৰণ কৰা হৈছে: 2010-03-21. 

তথ্যসূত্ৰ সম্পাদনা কৰক