হাড়ৰ ছাই, ফিল্ডছ্‌পাৰ আৰু কেঅ'লিনেৰে তৈয়াৰী এবিধ কোমল পে'ষ্টৰ চীনামাটিক ব'ন চাইনা বোলা হয়। সংজ্ঞা অনুসৰি ই জন্তুৰ হাড়ৰ উৎসৰ ন্যূনতম ৩০% ফছ্‌ফেট আৰু নিৰ্দিষ্ট পৰিমাণৰ কেল্‌চিয়াম ফছ্‌ফেট থকা অস্বচ্ছ পাত্ৰ।[1] শক্তি আৰু ভঙা প্ৰতিৰোধক্ষমতাৰ দিশৰ পৰা ব'ন চাইনা সকলোতকৈ শক্তিশালী চীনামাটি। উচ্চ মাত্ৰাৰ বগা বৰণ আৰু অস্বচ্ছতাৰ বাবে ই প্ৰখ্যাত।[2][3] জোৰ বেছি বাবে আন চীনামাটিতকৈ ইয়াক পাতলকৈ গঢ়িব পাৰি।[2] আন পোৰামাটিৰ দৰে ইয়ো কাচসদৃশ হৈ পৰে, কিন্তু আন খনিজাত বৈশিষ্ট্যৰ বাবে ই অস্বচ্ছ।[4]

ষ্টেফ'ৰ্ডশ্বায়াৰ ব'না চাইনাৰ চকলেট পিয়লা c. ১৮১৫-২০, ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়

১৭৯০ দশকৰ আৰম্ভণিতে ইংৰাজ কুমাৰ জ'ছিয়া স্পডে ব্যৱসায়িকভাৱে প্ৰথম ব'ন চাইনাৰ বিকাশ কৰে। প্ৰাৰম্ভিক বিকাশৰ পৰা বিংশ শতিকাৰ শেষলৈকে ব'ন চাইনা প্ৰায় একচেতিয়াকৈ ইংৰাজ সামগ্ৰী আছিল। বেছিভাগ বস্তুৰ উৎপাদন ষ্ট'ক-অন-ট্ৰেণ্ট নাম ঠাইত হৈছিল।[5] ফ'ৰ্টনাম আৰু মেচন, মিল্টন, ক'লপ'ৰ্ট, স্পড, ৰয়েল ক্ৰাউন ডাৰ্বী আদি বেছিভাগ ডাঙৰ ইংৰাজ কোম্পানীয়ে এতিয়াও ব'ন চাইনা সামগ্ৰীৰ উৎপাদন কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. By The British Pottery Manufacturers' Federation, and quoted in Dictionary Of Ceramics. Arthur Dodd & David Murfin. 3rd edition. The Institute Of Minerals. 1994.
  2. 2.0 2.1 Ozgundogdu, Feyza Cakir. “Bone China from Turkey” Ceramics Technical; May2005, Issue 20, p29-32.
  3. 'Trading Places.' R.Ware. Asian Ceramics. November,2009, p.35,37-39
  4. What is China? As with stoneware, the body becomes vitrified; which means the body fuses, becomes nonabsorbent, and very strong. Unlike stoneware, china becomes very white and translucent.
  5. 'Trading Places.' R.Ware. Asian Ceramics. November,2009, p.35,37-39

বাহ্যিক সংযোগ সম্পাদনা কৰক

  •   ৱিকিমিডিয়া কমন্সত ব'ন চাইনা সম্পৰ্কীয় মিডিয়া ফাইল।