বলদেৱ শইকীয়া

অসমৰ নাট্যকাৰ

বলদেৱ শইকীয়া (১৯৩৩-২০২৩) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত তেখেতৰ জন্ম হয়।[1]

বলদেৱ শইকীয়া
জন্ম ১৯৩৩
ডেকাসুন্দৰ, জামুগুৰিহাট, শোণিতপুৰ, অসম
মৃত্যু ২০২৩
জামুগুৰিহাট
পেচা অভিনেতা, নাট্যকাৰ, শিক্ষক

অচ্যুত লহকৰৰ দ্বাৰা প্ৰযোজিত অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ মুখ্য অভিনেতা হিচাপে তেখেতে অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে পাঞ্চজন্য থিয়েটাৰ নামৰ ভ্ৰাম্যমাণ নাট্যদল এটাৰ জন্ম দিছিল।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক