বালেশ্বৰ মন্দিৰ

ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ চম্পাৱত চহৰত অৱস্থিত এটা প্ৰাচীন শিৱ মন্দিৰ

বালেশ্বৰ মন্দিৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ চম্পাৱত চহৰত অৱস্থিত এটা প্ৰাচীন শিৱ মন্দিৰ৷ চন্দ বংশৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটো শিলৰে খোদিত বাবে বিখ্যাত। বালেশ্বৰ মন্দিৰৰ বিষয়ে কোনো ঐতিহাসিক তথ্য পোৱা নাযায়। কিন্তু জনবিশ্বাস অনুসৰি এই মন্দিৰটো খ্ৰীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। [1]

বালেশ্বৰ মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য উত্তৰাখণ্ড
স্থান চম্পাৱত
স্থানাংক 29°20′12″N 80°05′25″E / 29.3366°N 80.0904°E / 29.3366; 80.0904স্থানাংক: 29°20′12″N 80°05′25″E / 29.3366°N 80.0904°E / 29.3366; 80.0904
ইতিহাস
প্ৰতিস্থাপক চান্দ ৰাজবংশ

বালেশ্বৰ মন্দিৰত ভগৱান শিৱক বালেশ্বৰ হিচাপে পূজা কৰা হয়। মন্দিৰ চৌহদত আৰু দুটা মন্দিৰ আছে। এটা ৰত্নেশ্বৰৰ, আনটো চম্পাৱত দুৰ্গাৰ। মন্দিৰৰ ওচৰতে ‘নলা’ বা স্বচ্ছ পানীৰ উৎস আছে। শিৱৰাত্ৰি এই মন্দিৰৰ প্ৰধান উৎসৱ।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Hāṇḍā, Omacanda (2002). History of Uttaranchal. প্ৰকাশক New Delhi: Indus Pub. Company. পৃষ্ঠা. 64–65. ISBN 81-7387-134-5. OCLC 52183642. https://www.worldcat.org/oclc/52183642.