বাৰ্তা:ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস

এই প্ৰবন্ধটোৰ বেলেগকৈ প্ৰয়োজন আছে জানো? প্ৰায়বোৰ তথ্যই "ভাৰতীয় ৰেল" প্ৰবন্ধটোত সোমাই আছে। — গীতাৰ্থ বৰদলৈ (talk) 06:29, 16 জানুৱাৰী 2013 (UTC)

ইংৱিকিত থকা Rail Transport in India শীৰ্ষক প্ৰবন্ধটোৰ ওপৰত ভিত্তি কৰিয়ে মই ভাৰতৰ ৰেল পৰিবহনৰ ইতিহাস লিখি উলিয়াইছিলো। এই প্ৰবন্ধটো ইংৰাজীৰ হুবহু অনুবাদ নহয়, ইয়াৰ বেছিভাগ কথাই মই নিজে লিখা। (সাধাৰণতে ইংৰাজী প্ৰবন্ধ এটা অনুবাদ কৰিবলৈ যাওঁতে ইয়াৰ তথ্যসূত্ৰবোৰ পৰীক্ষা কৰি মোৰ জ্ঞান-বিশ্বাস অনুসৰি নিজাকৈ লিখিবলৈ চেষ্টা কৰো। আৰু তেনে কৰিবলৈ যাওঁতে সদায় তথ্যৰ সত্যাসত্যৰ ওপৰত বিশেষভাবে গুৰুত্ব দিওঁ। এইক্ষেত্ৰত মই কিমান দূৰ সফল সেয়া ৰাইজৰ বিচাৰ্য।) ভাৰতীয় ৰেল শীৰ্ষক প্ৰবন্ধটো লিখোঁতে ইতিহাস খণ্ডত ভাৰতৰ ৰেল পৰিবহনৰ ইতিহাসৰ বেছিভাগ অংশই কপি-পেষ্ট কৰিলো। ভাৰতৰ ৰেল পৰিবহনৰ ইতিহাসৰ প্ৰয়োজনীয়তা আছে নে নাই, সেই সম্পৰ্কে মন্তব্য নকৰি এই কব পাৰো যে এই প্ৰবন্ধটো এতিয়াও বহুলাংশে পৰিবৰ্দ্ধন কৰিবলৈ আছে।

বাবুল বৈশ্য 16:42, 16 জানুৱাৰী 2013 (UTC)

"ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস" পৃষ্ঠালৈ উভতি যাওক।