বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক'ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। ইউনেস্ক'ৰ ঘোষণাত কোৱা হৈছে "এই দিনটো বিশ্বৰ জাতীয়, স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবিতা আন্দোলনসমূহক উৎসাহ যোগাবলৈ পালন কৰা হওক"।

বিশ্ব কবিতা দিৱস
অন্য নাম WPD
পালন কৰে সমগ্ৰ পৃথিৱীত
প্ৰকাৰ সাহিত্য
মহত্ব কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱা
আৰম্ভ হয় ১৯৯৯
তাৰিখ ২১ মাৰ্চ

আগতে এই দিনটো ৰোমান কবি ভাৰ্জিল, (কাব্য ইনীদৰ ৰচক) -অৰ জন্মদিন ১৫ অক্টোবৰৰ লগত সংগতি ৰাখি কেতিয়াবা অক্টোবৰৰ ৫ তাৰিখেও পালন কৰা হৈছিল। স্থানসাপেক্ষে অক্টোবৰৰ অন্য তাৰিখ বা নৱেম্বৰতো ইয়াক পালন কৰা হয়।[1][2]





তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক