বীৰেন্দ্ৰ শৰ্মা

লোকশিল্পী

বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে৷[1]

বীৰেন্দ্ৰ শৰ্মা
জন্ম অসম, ভাৰত
পেচা সুত্ৰধাৰী, ভাৱৰীয়া ওজাৰ শিল্পী

জীৱন সম্পাদনা কৰক

বীৰেন্দ্ৰ শৰ্মা (ওজা) ছিপাঝাৰৰ ঘাৰোৱা সোণাপুৰৰ গোপালঝাৰ গাঁৱৰ মাজৰচুব্বাৰ বাসিন্দা৷ তেওঁ বিগত ছটা দশক জুৰি অসমৰ লোক-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অৱদান আগবঢ়াই আহিছে৷ তেওঁ সুত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ সফল শিল্পী ৰূপেও পৰিগণিত৷ তাৰোপৰি তেওঁ গীতা, ভাগৱতৰ পাঠেকী, ব্যাস সংগীতৰ শিল্পী৷ অসমীয়া কথাছবি 'আজান ফকিৰ চাহাব'ত ব্যাস ওজাপালিৰ দৃশ্যাংশত তেওঁ অংশ লৈছিল৷[1]

১৯৫৮ চনত তেওঁ দৰঙী লোক-সংস্কৃতিৰ প্ৰসাৰৰ বাবে মিলন খুলীয়া ভাৱৰীয়াৰ দল গঠন কৰে৷[1]

অৱদান সম্পাদনা কৰক

গ্ৰন্থ সম্পাদনা কৰক

  • অস্বনিদান কুমাৰ্ৱলী বধ
  • খটাসুৰ বধ

লোকগীত সম্পাদনা কৰক

ডেৰকুৰিৰো অধিক থলুৱা গীত

তথ্যসূত্ৰ সম্পাদনা কৰক