ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ(ইংৰাজী: Brigadier Ranjit Barthakur) এগৰাকী সেনা বিষয়া, অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু অসমীয়া লেখক।

ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ
জন্ম ১৯৬৬ চন
গোৱালপাৰা;অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় সেনা বিষয়া, লেখক

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

মৰিয়নীৰ নতুনমাটি নিবাসী অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ১৯৬৬ চনত গোৱালপাৰাসৈনিক স্কুলত ভৰ্তি হয়।[1] ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA,পুনে, মহাৰাষ্ট্ৰ) আৰু ভাৰতীয় মিলিটেৰী একাডেমী (IMA, ডেৰাডুন, উত্তৰাখণ্ড)ৰ পৰা সামৰিক শিক্ষা গ্ৰহণ কৰি ১৯৭৭ চনত সামৰিক বাহিনীত যোগদান কৰে।[1]

কৰ্মজীৱন সম্পাদনা কৰক

সামৰিক বাহিনীৰ চাকৰিসূত্ৰে প্ৰায় পয়ত্ৰিশ বছৰ দেশৰ বিভিন্ন প্ৰান্তত থাকি ২০১২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। ২০১২ চনৰ ডিচেম্বৰ মাহত তেওঁ অসম লোকসেৱা আয়োগৰ সদস্য নিযুক্তি হয় আৰু ২০১৭ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।[2]

বটা বাহন সম্পাদনা কৰক

সামৰিক বাহিনীত কাম কৰা সময়ত তেওঁৰ দেশৰ প্ৰতি থকা আনুগত্য আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতি হিচাপে তেওঁক Sena Medal, Chief of Army Staff Com- mendation Card আৰু Army Commander's Commendation Card প্ৰদান কৰা হৈছিল।[3]

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

তেওঁৰ প্ৰথমখন কিতাপ 'অ' মামা, অ' দাদা, অ', খুৰা' ২০১৭ চনত প্ৰকাশ পায়। ২০২৩ চনত ‘চিপাহী গুৰবিন্দৰ সিঙৰ হেলিকপ্টাৰত উঠাৰ সপোন’ গ্ৰন্থখন প্ৰকাশ পাইছে।

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Brig Ranjit Borthakur". Indus International Reserch Foundationindusresearch.in. https://indusresearch.in/people/brig-ranjit-borthakur/#:~:text=He%20superannuated%20from%20Defence%20Service,In%20charge%20of%20the%20Commission.। আহৰণ কৰা হৈছে: 5 May 2024. 
  2. "Ranjit Barthakur appointed acting APSC chairman". The Sentinel. 1 December 2016. https://www.sentinelassam.com/topheadlines/ranjit-barthakur-appointed-acting-apsc-chairman। আহৰণ কৰা হৈছে: 5 May 2024. 
  3. চিপাহী গুৰবিন্দৰ সিঙৰ হেলিকপ্টাৰত উঠাৰ সপোন, পূৰ্বায়ণ প্ৰকাশন] (প্ৰথম প্ৰকাশ সম্পাদনা). প্ৰকাশক গুৱাহাটী. ২০২৩.