বৰ‌আই (smallpox) বা বসন্ত ৰোগ ভেৰিঅ'লা মেজৰ (Variola major) and ভেৰিঅ'লা মাইনৰ (Variola minor) নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ।[1] ইয়াক লেটিন নাম variola বা variola vera নামেৰেও জনা যায়। এই নাম দুটা varius ("দাগযুক্ত") বা varus ("শালমন")ৰ পৰা উদ্ভুত হৈছে। ইংৰাজীত ৰোগবিধক "pox"[2] বা "red plague" বোলা হৈছিল;[3] ১৫শ শতিকাত ভেৰিঅ'লাক "great pox" (ছিফিলিছ)-ৰ পৰা পৃথককৈ বুজাবলৈ "smallpox" শব্দটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল।[4]অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক "আই" (ডাঙৰ জোলা বান্ধে বাবে বৰ-আই) বোলা হয়।[5] শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে "বসন্ত" (chicken pox আৰু measles-ৰ সৈতে) বুলি কোৱা হয়। ১৯৭৭ চনৰ ২৬ অক্টোবৰত শেষভাগৰ বাবে প্ৰাকৃতিকভাৱে হোৱা বৰ‌আইৰ (Variola minor) ৰোগী চিনাক্ত কৰা হৈছিল।[6]

বৰআই
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

বৰ‌আইত আক্ৰান্ত এটি শিশু (বাংলাদেশ, ১৯৭৩)। সাধাৰণ প্ৰকাৰৰ বৰ‌আইত জোলাবোৰ ডাঠ তৰল পদাৰ্থৰে ভৰি থাকে আৰু প্ৰায়েই মাজ অংশত পোটোকা পৰি থাকে। বৰ‌আইৰ ই এটা প্ৰধান বৈশিষ্ট।
আই.চি.ডি.-10 B03
আই.চি.ডি.-9 050
ডিজিজেছ ডে'টাবে'ছ 12219
মেডলাইন প্লাছ 001356
ইমেডিচিন emerg/885
MeSH D012899

বৰ‌আইৰ ভাইৰাছে ছালৰ সৰু ৰক্তনলিকা, মুখ আৰু ডিঙিত ভিতৰত খোপনি পুতে। ছালত ই প্ৰথমে ৰঙচুৱা গুটি গুটি কৰে যিবোৰ পিছলৈ পানীজোলালৈ ৰূপান্তৰিত হয়। ভেৰিঅ'লা মেজৰে কম প্ৰাবল্যৰ ৰোগৰ সৃষ্টি কৰে (alastrim, cottonpox, milkpox, whitepox, আৰু Cuban itch বুলিও কোৱা হয়) যাৰ ফলত প্ৰায় ১% ৰোগীৰ মৃত্যু হয়। ভেৰিঅ'লা মেজৰে বেছি প্ৰাবল্যৰ ৰোগ কৰে আৰু ৩০-৩৫% ৰোগীৰ মৃত্যু হয়।[7][8] V. major সংক্ৰমণৰ পলমীয়া জটিলতা হৈছে প্ৰধানকৈ মুখত হোৱা বৈশিষ্টমূলক দাগ (৬৫-৮৫% ৰক্ষা পৰা ৰোগীৰ ক্ষেত্ৰত)।[9] কৰ্ণিয়াৰ আলচাৰৰ ফলত হোৱা অন্ধতা আৰু আৰ্থাইটিছ বা অষ্টয়'মায়েলাইটিছৰ ফলত হোৱা পংগুতা ২-৫% ৰোগীৰ ক্ষেত্ৰত পোৱা যায়।

প্ৰায় ১০০০০ বছৰৰ পূৰ্বে মানুহৰ মাজত বৰ‌আইয়ে দেখা দিয়া বুলি বিশ্বাস কৰা হয়।[4] ইজিপ্টৰ ফাৰাও ৰামছেছ পঞ্চমৰ (Ramses V) মামীৰ দেহত পোৱা ৰঙচুৱা দাগ সম্ভৱতঃ ইয়াৰ সকলোতকৈ পুৰণি শাৰীৰিক প্ৰমাণ।[10] ৰোগটোৱে ১৮শ শতিকাৰ শেষৰ বছৰকেইটাত বছৰি প্ৰায় ৪,০০,০০০ মানুহৰ প্ৰাণ লৈছিল (পাঁচজন শাসনকৰ্তাসহ),[11] আৰু সকলো অন্ধতাৰ এক তৃতীয়াংশৰ কাৰণ আছিল।[7][12] প্ৰাপ্ৰবয়স্ক আক্ৰান্ত ৰোগীৰ ২০-৬০% আৰু আক্ৰান্ত শিশুৰ ৮০%তকৈও বেছিৰ মৃত্যু ঘটিছিল।[13] বিংশ শতিকাত প্ৰায় ৩০০-৫০০ নিযুত মানুহৰ মৃত্যুৰ বাবে এই ৰোগ দায়ী আছিল।[14][15][16] ১৯৬৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছিল যে সেই বছৰত আনুমানিক ১৫ নিযুত মানুহ বৰ‌আইত আক্ৰান্ত হৈছিল আৰু ২ নিযুত মানুহ মৃত্যুমুখত পৰিছিল।[6]

উনবিংশ আৰু বিংশ শতিকাজুৰি প্ৰতিষেধকৰ ব্যাপক ব্যৱহাৰৰ পিছত ১৯৭৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই বৰ‌আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে।[6] নিৰ্মূল হোৱা দুটা সংক্ৰামক ৰোগৰ ভিতৰত আনটো হৈছে ২০১১ চনত নিৰ্মূল ঘোষণা কৰা rinderpest ৰোগ।[17][18][19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Ryan KJ, Ray CG (editors) (2004). Sherris Medical Microbiology (4th সম্পাদনা). McGraw Hill. পৃষ্ঠা. 525–8. ISBN 0-8385-8529-9. 
  2. "The History of Smallpox and Its Spread around the World". Accessed 28 Jan 2013.
  3. La Belle Compagnie. "Medieval Diseases Archived 2015-08-06 at the Wayback Machine". Accessed 28 Jan 2013.
  4. 4.0 4.1 Barquet N, Domingo P (15 October 1997). "Smallpox: the triumph over the most terrible of the ministers of death". Annals of Internal Medicine খণ্ড 127 (8 Pt 1): 635–42. doi:10.1059/0003-4819-127-8_Part_1-199710150-00010 (inactive 2010-03-07). PMID 9341063. http://www.annals.org/cgi/content/full/127/8_Part_1/635. 
  5. সম্পাদক- ড: মহেশ্বৰ নেওগ, ৰজনীকান্ত দেশশৰ্মা, নৱকান্ত বৰুৱা (তৃতীয় প্ৰকাশ, ১৯৮৭). আধুনিক অসমীয়া অভিধান. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ২৭. 
  6. 6.0 6.1 6.2 "Smallpox". WHO Factsheet. http://www.who.int/mediacentre/factsheets/smallpox/en/। আহৰণ কৰা হৈছে: 2007-09-22. 
  7. 7.0 7.1 Behbehani AM (1 December 1983). "The smallpox story: life and death of an old disease". Microbiol Rev খণ্ড 47 (4): 455–509. PMID 6319980. PMC 281588. http://mmbr.asm.org/cgi/pmidlookup?view=long&pmid=6319980. 
  8. "Smallpox". Armed Forces Institute of Pathology: Department of Infectious and Parasitic Diseases. Archived from the original on 2007-10-09. https://web.archive.org/web/20071009141639/http://www.afip.org/Departments/infectious/sp/text/1_1.htm। আহৰণ কৰা হৈছে: 2008-10-28. 
  9. Jezek Z, Hardjotanojo W, Rangaraj AG (1981). "Facial scarring after varicella. A comparison between variola major and variola minor". Am. J. Epidemiol. খণ্ড 114 (6): 798–803. PMID 7315828. 
  10. Hopkins, Donald. "Ramses V:Earliest known victim?". WHO. http://whqlibdoc.who.int/smallpox/WH_5_1980_p22.pdf। আহৰণ কৰা হৈছে: 6 July 2010. 
  11. J. N. Hays (2005). "Epidemics and pandemics: their impacts on human history". ABC-CLIO. p.151. ISBN 1-85109-658-2
  12. "Smallpox and Vaccinia". National Center for Biotechnology Information.
  13. Riedel S (2005). "Edward Jenner and the history of smallpox and vaccination". Proc (Bayl Univ Med Cent) খণ্ড 18 (1): 21–5. PMID 16200144. 
  14. Koplow, David A. (2003). Smallpox: the fight to eradicate a global scourge. প্ৰকাশক Berkeley: University of California Press. ISBN 0-520-24220-3. http://books.google.com/books/ucpress?vid=ISBN9780520242203. 
  15. "UC Davis Magazine, Summer 2006: Epidemics on the Horizon". Archived from the original on 2008-12-11. https://web.archive.org/web/20081211181455/http://ucdavismagazine.ucdavis.edu/issues/su06/feature_1b.html। আহৰণ কৰা হৈছে: 2008-01-03. 
  16. How Poxviruses Such As Smallpox Evade The Immune System, ScienceDaily, February 1, 2008
  17. De Cock, Kevin M. (2001). "(Book Review) The Eradication of Smallpox: Edward Jenner and The First and Only Eradication of a Human Infectious Disease". Nature Medicine খণ্ড 7 (1): 15–6. doi:10.1038/83283. http://www.nature.com/nm/journal/v7/n1/full/nm0101_15b.html. 
  18. Tognotti E. (June 2010). "The eradication of smallpox, a success story for modern medicine and public health: What lessons for the future?" (PDF). J Infect Dev Ctries খণ্ড 4 (5): 264–266. doi:10.3855/jidc.1204. PMID 20539058. http://www.jidc.org/index.php/journal/article/view/1204/386. 
  19. "'The world is free of rinderpest'". The Mail and Guardian. 2011-05-25. http://mg.co.za/article/2011-05-25-the-world-is-free-of-rinderpest/. 

অতিৰিক্ত পঠন সম্পাদনা কৰক

বহিঃ সংযোগ সম্পাদনা কৰক

বৰ্গীকৰণ
বাহ্যিক সমল