বৰাশগুণ[2] (ইংৰাজী: Griffon Vulture, বৈজ্ঞানিক নাম-Gyps fulvus) 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত শগুণৰ এবিধ প্ৰজাতি৷ ইহঁতক পাহাৰী শগুণ নামেৰেও জনা যায় ।

বৰাশগুণ (Griffon Vulture)
স্পেইনমাদ্ৰিদ চিৰিয়াখানাত এটা বৰাশগুণ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Falconiformes
পৰিয়াল: Accipitridae
গণ: Gyps
প্ৰজাতি: G. fulvus
বৈজ্ঞানিক নাম
Gyps fulvus
(Hablizl, 1783)
Dark green: areas of year-round habitation

বিৱৰণ সম্পাদনা কৰক

বৰাশগুণৰ দেহৰ আকাৰ ডাঙৰ, দীঘলে প্ৰায় ৯৩-১২২ ছে:মি: আৰু ওজন প্ৰায় ৭.১ কি:গ্ৰা: হোৱা দেখা যায়৷[3][4]ইয়াৰ মূৰ অংশ বগা, ডেউকা বহল আৰু নেজৰ পাখিবোৰ চুটি হোৱা দেখা যায়৷ ইয়াৰ ডিঙিত বগা দাগ আছে৷ বৰাশগুণৰ ঠোঁটৰ বৰণ হালধীয়া৷

বিতৰণ সম্পাদনা কৰক

ই সমগ্ৰ ইউৰোপ তথা এছিয়াত বিস্তৃত হৈ আছে৷

আচৰণ সম্পাদনা কৰক

বৰাশগুণৰ জীৱনকাল অতি বেছি ৪১.৪ বছৰ হ'ব পাৰে৷[5]

খাদ্য সম্পাদনা কৰক

 
বৰাশগুণে হৰিণাৰ শ খাই থকা অৱস্থাত

অন্যান্য শগুণৰ প্ৰজাতিসমূহৰ দৰেই বৰাশগুণো মৃতভক্ষী, অৰ্থাৎ ই মৰা শ খাই জীৱন নিৰ্বাহ কৰে৷ ই আকাশৰ ওপৰেদি মৰাশৰ সন্ধানত উৰি থাকে আৰু তলৰ অঞ্চল সমূহ নজৰত ৰাখে৷ ই সাধাৰণতে গোটত বাস কৰে৷ পাহাৰৰ থিয় গড়াত ই সমূহীয়াকৈ বাহ সাজে৷[6][7]

প্ৰজনন সম্পাদনা কৰক

বৰাশগুণে এছিয়া, উত্তৰ আফ্ৰিকা, এছিয়া আদিৰ পৰ্বতসমূহত প্ৰজনন কৰে৷ এবাৰত ই এটাকৈ কণী পাৰে৷ পোৱালিয়ে পছন্দৰ স্থান বিচাৰি প্ৰবজন কৰে বুলিও জনা যায়৷[8][9]

স্থিতি তথা সংৰক্ষণ সম্পাদনা কৰক

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. IUCN redlist.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
  4. Ali, Sálim (1996). The Book of Indian Birds (12th সম্পাদনা). প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3. 
  5. Carey, James R.; Debra S. Judge. "Longevity Records: Life Spans of Mammals, Birds, Amphibians, Reptiles, and Fish". Monographs on Population Aging, 8. Odense University Press. http://www.demogr.mpg.de/longevityrecords/0303.htm। আহৰণ কৰা হৈছে: 13 September 2011. 
  6. Gavashelishvili, A.; McGrady, M. J. (2006). "Breeding site selection by bearded vulture (Gypaetus barbatus) and Eurasian griffon (Gyps fulvus) in the Caucasus". Animal Conservation খণ্ড 9 (2): 159–170. doi:10.1111/j.1469-1795.2005.00017.x. 
  7. Gavashelishvili, A.; McGrady, M. J. (2006). "Geographic information system-based modelling of vulture response to carcass appearance in the Caucasus". Journal of Zoology খণ্ড 269 (3): 365–372. doi:10.1111/j.1469-7998.2006.00062.x. 
  8. Gavashelishvili, A. (2005). "Vulture movements in the Caucasus". Vulture News খণ্ড 53: 28–29. 
  9. McGrady, M. J.; Gavashelishvili, A. (2006). "Tracking vultures from the Caucasus into Iran". Podoces খণ্ড 1 (1/2): 21–26. 

বাহ্যিক সংযোগ সম্পাদনা কৰক