ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য

ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (ইংৰাজী: Bherjan-Borajan-Padumoni Wildlife Sanctuary ) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই প্ৰায় ৭.২২ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷

ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য
মানচিত্ৰত ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্যৰ অৱস্থিতি
অসমত ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্যৰ অৱস্থান
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ তিনিচুকীয়া
মাটিকালি 7.22 sq. kms
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

তিনিচুকীয়া জিলাৰ তিনিটা ব্লক জুৰি এই অভয়াৰণ্যখন বিস্তৃত হৈ আছে৷ এই ব্লক তিনিটা হৈছে- ভেঁৰজান, বৰাজান আৰু পদুমনি৷[1]

জৈৱবৈচিত্ৰ্য সম্পাদনা কৰক

এই অভয়াৰণ্যৰ জৈৱবৈচিত্ৰ্য অতি সমৃদ্ধ৷ বিশেষকৈ এই বনাঞ্চল হলৌ বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ তথা টুপীমূৰীয়া বান্দৰ আদিৰ বাবে অতি উত্তম বাসস্থান বুলি ধাৰণা কৰা হয়৷.[2][3][4] অন্যান্য উল্লেখযোগ্য প্ৰাণী তথা চৰাই-চিৰিকটি সমূহ তলত উল্লেখ কৰা হ'ল-

স্তন্যপায়ী প্ৰাণী:

লাজুকী বান্দৰ, অসমীয়া বান্দৰ,গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, নাহৰফুটুকী বাঘ, বনৰীয়া গাহৰি ইত্যাদি৷

চৰাই-চিৰিকটি:

প্ৰায় ৮৪ বিধ চৰাইৰ প্ৰজাতি৷ যেনে- মাছোৰোকা, পাকৈঢোৰা, হেটুলুকা,ৰঙামূৰীয়া বাঢ়ৈটোকা, গলমণিকা, ৰাজ ভাটৌ, বনকুকুৰা, শৰালি, কলীমূৰী হাঁহ , জিঞাখাটী, হাইঠা, কুটুম চৰাই,ফেঁচু, ভীমৰাজ, বাৰীসুন্দৰী, ভদৰকলি ইত্যাদি৷

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক