মাচুমা বেগম (ইংৰাজী:  : Masuma Begum; ৮ অক্টোবৰ ১৯০২ – ২ মাৰ্চ ১৯৯০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু নাৰীবাদী নেত্ৰী আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য, উপ-দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি, ১৯৬০ চনত অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত সক্ৰিয় হৈ মন্ত্ৰীসভাৰ সদস্য হয়। ১৯৬২ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী আছিল আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় নাৰীবাদী সংস্থাসমূহৰ সৈতে হায়দৰাবাদৰ সমাজ কল্যাণমূলক সংস্থাসমূহৰ নেটৱৰ্ক গঢ়ি তুলি পৰিয়াল পৰিকল্পনাৰ পোষকতা কৰা আৰু সমাজ কল্যাণৰ দিশত কাম কৰিছিল। ভাৰতীয় নাৰীৰ সামাজিক বিচ্ছিন্নতাৰ পৰিচায়ক পৰ্দা প্ৰথাৰ অন্ত পেলোৱাৰ বাবে তেওঁ প্ৰথম ৰাজহুৱা মত পোষণ কৰা ব্যক্তি আছিল। ১৯৭৪ চনত ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

মাচুমা বেগমে ১৯০২ চনত হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ ভগ্নীসকলৰ সৈতে মেহবুবিয়া ছোৱালী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।[1]

কৰ্মজীৱন

সম্পাদনা কৰক

বেগমে হায়দৰাবাদত দাতব্য কামেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।[2]১৯৫২ চনত হায়দৰাবাদ সমষ্টিৰ পৰা অন্ধ্ৰপ্ৰদেশ বিধানসভাত যোগদান কৰি প্ৰথম নিৰ্বাচনত জয়লাভ কৰে। ১৯৫৭ চনত কংগ্ৰেছ দলৰ উপ-নেত্ৰী[3] আৰু ১৯৬০ চনত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ সমাজ কল্যাণ আৰু ধৰ্মীয় এনডাউমেণ্টৰ মন্ত্ৰী হয়।[4]

বেগমে ১৯২৭ চনৰ পৰা সৰ্বভাৰতীয় মহিলা সন্মিলন(AIWC) নাৰীবাদী অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি উৎসৰ্গিত নাৰীবাদী সংগঠনৰ সৈতে জড়িত আছিল আৰু দুবাৰকৈ ইয়াৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৭ চনত তেওঁ এ আই ডব্লিউ চিৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু প্ৰচাৰৰ দায়িত্ব লয় আৰু ১৯৬২ চনত এ আই ডব্লিউ চিৰ সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰে।[2] এ আই ডব্লিউ চিত থকা সময়ছোৱাত ১৯৫৫ চনত কলম্বোত হোৱা আন্তঃৰাষ্ট্ৰীয় মহিলা মিত্ৰজোঁটৰ সোণালী জয়ন্তীত তেওঁ এটা প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে; ১৯৫৯ চনত জেনেভাত ৰাষ্ট্ৰসংঘৰ বেচৰকাৰী সংস্থাসমূহৰ দ্বিতীয় সন্মিলনৰ অন্তৱৰ্তীকালীন সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু যুগোস্লাভিয়া আৰু ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় নাৰীবাদী সন্মিলনলৈ এআইডব্লিউচিৰ প্ৰতিনিধি দলৰ নেতৃত্বও দিয়ে।[1]

ভাৰতত পৰিয়াল পৰিকল্পনা ৰূপায়ণৰ প্ৰচেষ্টাত বেগম সক্ৰিয় আছিল। ১৯৭০ চনত ভাৰত চৰকাৰে ভাৰতত গৰ্ভপাতক বৈধ কৰাৰ প্ৰশ্নটো পৰীক্ষা কৰিবলৈ এখন সমিতি গঠন কৰিছিল আৰু অৱবাই ৱাডিয়াৰ সৈতে বেগমে সমিতিখনত কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৭২ চনত ইয়াৰ প্ৰতি আইন প্ৰৱৰ্তন কৰা হৈছিল৷[5] ভাৰতত বাল্যবিবাহৰ প্ৰথাক অপৰাধমূলক বুলি গণ্য কৰা চৰ্দা আইনৰ ৰক্ষা আৰু পোষকতা কৰা কেইবাজনো মুছলমান নেতাৰ ভিতৰত তেওঁ অন্যতম আছিল।[6]

হায়দৰাবাদত মাচুমা বেগমে কেইবাটাও সমাজ কল্যাণমূলক সংস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। হায়দৰাবাদৰ কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে তেওঁ নিযুক্তি পোৱাৰ লগতে কেইবাটাও বেচৰকাৰী সংস্থাৰ ব’ৰ্ডতো কাৰ্যনিৰ্বাহ কৰিছিল; তাৰ ভিতৰত ৰেড ক্ৰছ, লেডী হাইদাৰী ক্লাব আৰু অঞ্জুমান-ই-খাৱাতীন, যিটো সংস্থাৰ দ্বাৰা মাচুমাই মুছলমান মহিলাসকলৰ বাবে শিক্ষাৰ প্ৰসাৰৰ কাম আৰম্ভ কৰিছিল।[1] ১৯৭৪ চনত মাচুমা বেগমে ভাৰত চৰকাৰে প্ৰদান কৰা অসামৰিক সন্মান পদ্মশ্ৰী সন্মান লাভ কৰে।[7]

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

বেগমে তেওঁৰ খুৰা সম্পৰ্কীয় ভায়েক হুছেইন আলী খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যিজনে অক্সফৰ্ডত অধ্যয়ন কৰিছিল আৰু পিছলৈ ওছমানিয়া বিশ্ববিদ্যালয়ৰ মুৰব্বী হৈছিল। যদিও মহিলা পৰ্দা প্ৰথা থকা ঘৰ এখনত তেওঁ ডাঙৰ-দীঘল হৈছিল, তথাপি স্বামীয়ে তেওঁক সমাজৰ পৰা আঁৰ থকা প্ৰথা পৰিত্যাগ কৰিবলৈ উৎসাহিত কৰিছিল আৰু ক্ৰমান্বয়ে তেওঁ তেনেকৈয়ে আগ বঢ়িছিল আৰু এই প্ৰথাৰ বিৰুদ্ধে ওকালতি কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ বোৰ্খা পিন্ধা বা পৰ্দা ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল।[8] বেগমে পাৰ্চী, উৰ্দু আৰু ইংৰাজী ভাষা সাৱলীলভাৱে কব আৰু পঢ়িব পাৰিছিল।[1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 Srivastava, Gouri (2003) (en ভাষাত). The Legend Makers: Some Eminent Muslim Women of India. Concept Publishing Company. ISBN 978-81-8069-001-3. https://books.google.com/books?id=ERavqiLTu7cC&dq=%22masuma+begum%22++all+india+women's+conference&pg=PA91. 
  2. 2.0 2.1 Basu, Aparna; Ray, Bharati (2003) (en ভাষাত). Women's Struggle: A History of the All India Women's Conference, 1927-2002. Manohar. পৃষ্ঠা. 183. ISBN 978-81-7304-476-2. https://books.google.com/books?id=foK0AAAAIAAJ&q=aparna+basu+all+india+women's+conference. 
  3. Majumdar, Maya (2005) (en ভাষাত). Encyclopaedia of Gender Equality Through Women Empowerment. Sarup & Sons. ISBN 978-81-7625-548-6. https://books.google.com/books?id=X5aYvBs7iGIC&dq=%22masuma+begum%22++all+india+women's+conference&pg=PA238. 
  4. Wright, Theodore P. (1964). "Muslim Legislators in India: Profile of a Minority Élite" (en ভাষাত). The Journal of Asian Studies খণ্ড 23 (2): 253–267. doi:10.2307/2050136. ISSN 1752-0401. https://www.cambridge.org/core/journals/journal-of-asian-studies/article/abs/muslim-legislators-in-india-profile-of-a-minority-elite/173F0B30BF0BF351B78BB1E4D91D071C. 
  5. Chandrababu, B. S.; Thilagavathi, L. (2009) (en ভাষাত). Woman, Her History and Her Struggle for Emancipation. Bharathi Puthakalayam. ISBN 978-81-89909-97-0. https://books.google.com/books?id=NZmyUpHdPWYC&dq=%22masuma+begum%22++all+india+women's+conference&pg=PA500. 
  6. Sinha, Mrinalini (2006-07-12) (en ভাষাত). Specters of Mother India: The Global Restructuring of an Empire. Duke University Press. ISBN 978-0-8223-3795-9. https://books.google.com/books?id=xI2LClkTrFIC&dq=%22masuma+begum%22++all+india+women's+conference&pg=PA310. 
  7. "Padma Awards Directory (1954–2014)". Ministry of Home Affairs (India). 21 May 2014. পৃষ্ঠাসমূহ: 37–72. Archived from the original on 14 September 2017. https://web.archive.org/web/20170914220252/http://www.mha.nic.in/sites/upload_files/mha/files/YearWiseListOfRecipientsBharatRatnaPadmaAwards-1954-2014.pdf। আহৰণ কৰা হৈছে: 22 March 2016. 
  8. IANS (2018-05-29). "Beyond purdah: 20th century Muslim women who broke societal barriers". Business Standard India. https://www.business-standard.com/article/news-ians/beyond-purdah-20th-century-muslim-women-who-broke-societal-barriers-118052901110_1.html.