মা (ৰুছ উপন্যাস)
ৰুছ ভাষাত ৰচিত উপন্যাস
(মা (ৰূছ উপন্যাস)ৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো মেক্সিম গৰ্কী ৰচিত ৰুচ উপন্যাসখনৰ বিষয়ে। একে নামৰ ভবেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বাবে মা (চলচ্চিত্ৰ) চাওক।
মা বা মাডাৰ (ইংৰাজী: The Mother) হ'ল ৰুছ ভাষাত ৰচিত এখন উপন্যাস। এই উপন্যাস মেক্সিম গৰ্কীৰ দ্বাৰা ৰচিত। মা উপন্যাসৰ বিষয় মূলতঃ আন্দোলনকাৰী কলঘৰ কৰ্মীৰ বিষয়ে। এই উপন্যাস পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে, আৰু কিছু চলচ্চিত্ৰও এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।
মা | |
---|---|
লেখক | মেক্সিম গৰ্কী |
শিৰোনাম | Мать |
দেশ | চ'ভিয়েট সংঘ |
ভাষা | ৰুছ |
প্ৰকাশ | ১৯০৬ |
প্ৰভাৱিত ছবি সম্পাদনা কৰক
- চেভলড পুডভকিনৰ (ইংৰাজী: Vsevolod Pudovkin) দ্বাৰা পৰিচালিত মাডাৰ(মা)(১৯২৬)[1]
- মাৰ্ক ডনস্কইৰ (ইংৰাজী: Mark Donskoy) দ্বাৰা পৰিচালিত মাডাৰ(মা)(১৯৫৬)[2]
- গ্লেব পানফিলভৰ (ইংৰাজী: Gleb Panfilov) দ্বাৰা পৰিচালিত মাডাৰ(মা)(১৯৯০)[3]
প্ৰভাৱিত নাটক সম্পাদনা কৰক
জাৰ্মানীৰ বাৰ্টল্ট ব্ৰেচটৰ (ইংৰাজী: Bertolt Brecht) ১৯৩২ৰ নাটক ডা মাডাৰ(মা জনী) এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।
চৰিত্ৰ সমূহ সম্পাদনা কৰক
মা উপন্যাসত বিভিন্ন চৰিত্ৰ আছে। উপন্যাসখনৰ নায়ক হ'ল পাভেল।[4] অন্য চৰিত্ৰ হ'ল পেলাগুএয়া ভ্লাচ'ভা-- পাভেলৰ মাক, আন্ড্ৰে', নাতাচা, চাচেংকা, ভ্যেচ'ভ্স্কিন'ভ, ৰেৱবিন, নিক'লায় ইভাহ্ন'ৱিচ, চ'ফ্যা আদি।[5]
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ http://www.imdb.com/title/tt0017128/
- ↑ 1905 (1956) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ↑ Mother (1990) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ↑ http://www.123helpme.com/character-of-pavel-as-a-revolutionary-hero-in-gorkys-novel-mother-preview.asp?id=229531
- ↑ http://www.enotes.com/topics/mother-maxim-gorky/characters