যথাৰীতি (গ্ৰন্থ)

(যথাৰীতিৰ পৰা পুনঃনিৰ্দেশিত)

যথাৰীতি হৈছে সমালোচক প্ৰভাত বৰাৰ এখন অতিশয় গুৰুত্বপূৰ্ণ সাহিত্য-সমালোচনাধৰ্মী প্ৰবন্ধ সংকলন। প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যতত্ত্বৰ আলোকত অসমীয়া সাহিত্যৰ লগতে বিশ্বসাহিত্যৰ বিবিধ প্ৰসংগই এই গ্ৰন্থখনত ঠাই পাইছে।

যথাৰীতি
চিত্ৰ:যথাৰীতি প্ৰভাত বৰা.jpg
যথাৰীতি বেতুপাত
 
লেখক প্ৰভাত বৰা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ
প্ৰকাশক আঁক-বাক
প্ৰকাশ ২০১৩, প্ৰথম প্ৰকাশ (প্ৰকাশক: আঁক-বাক)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৩৩৫
আই.এচ.বি.এন. 978 93 82726 07 4

গ্ৰন্থকাৰৰ চমু পৰিচয় সম্পাদনা কৰক

অসমীয়া সাহিত্য-সমালোচনাৰ ক্ষেত্ৰখনলৈ বিশিষ্ট বৰঙণি যোগোৱা সমালোচক প্ৰভাত বৰাই স্কুলীয়া আৰু কলেজীয়া শিক্ষা শিৱসাগৰতে সম্পন্ন কৰি পৰবৰ্তীসময়ত উচ্চশিক্ষাৰ বাবে এলাহাবাদ বিশ্ববিদ্যালয়লৈ যায় আৰু প্ৰফেছৰ বি. ডি. এন. সাহায়, প্ৰফেছৰ ৱাই. পি. সাহায় আদি প্ৰসিদ্ধ শিক্ষাগুৰুৰ সান্নিধ্যত গুৰুমন্ত্ৰ লাভ কৰে। অধ্যয়নৰ বিস্তাৰ আৰু গভীৰতাৰ সত্ত্বেও স্বভাৱজাত আলস্যৰ বাবেই প্ৰভাত বৰাৰ প্ৰকাশিত ৰচনাৰ সংখ্যা যথেষ্ট কম। তথাপি সাহিত্য-সমালোচনামূলক ৰচনাসমূহৰ ফালৰ পৰা প্ৰভাত বৰা অসমীয়া আধুনিক সাহিত্যৰ যুগটোত হীৰেন গোহাঁই ৰ পাছতে এখন গুৰুত্বপূৰ্ণ স্থান পাবলগীয়া সমালোচক।[1]

গ্ৰন্থখনৰ অন্তৰ্গত প্ৰবন্ধসমূহ সম্পাদনা কৰক

যথাৰীতি ৰ আলোচ্য বিষয়ক ক্ৰমে ক, খ, গ, ঘ এই চাৰিটা উপবিভাগত ভাগ কৰা হৈছে আৰু এই উপবিভাগসমূহত ক্ৰমে অসমীয়া সাহিত্য, পাশ্চাত্য সাহিত্য,সাক্ষাত্কাৰ আৰু সোঁৱৰণী লেখাই ঠাই পাইছে। এই বিভাগকেইটাত সামৰি লোৱা প্ৰবন্ধবোৰ হৈছে--

সম্পাদনা কৰক

  • আনন্দৰাম ঢেকিয়াল ফুকন: অসমত আধুনিক ঐতিহ্যৰ বিস্তাৰ
  • ৰসবাজ বেজবৰৱা আৰু আধুনিক অসমীয়া সাহিত্যৰ ঐতিহ্য
  • চন্দ্ৰকুমাৰ আগৰৱালাৰ 'বীণ-ব'ৰাগী'
  • কীৰ্তন: এটি টোকা
  • বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস দুখনৰ বাটচ'ৰাত
  • মুনীন বৰকটকী: সাহিত্য আৰু ঐতিহ্য
  • ফৰাচী কাব্য-ঐতিহ্যৰ আঁত ধৰি অজিৎ বৰুৱাৰ কবিতাৰ বিষয়ে যৎকিঞ্চিৎ
  • এখন প্ৰেমৰ উপন্যাস: এটি সমালোচনা
  • সৌৰভ চলিহাৰ গল্প: এটি অনুসন্ধান
  • তুষাৰৰূপৰ পৃষ্ঠভূমি সৌৰভ কুমাৰ চলিহাৰ গল্প
  • মহিম বৰাৰ কবিতা
  • নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা
  • ড° হীৰেন গোহাঁই
  • ড° হীৰেন গোহাঁইৰ বৌদ্ধিক পৰিক্ৰমাৰ চাৰিটা দশক
  • অপূৰ্ব শৰ্মাৰ 'বাঘে টাপুৰ ৰাতি'
  • অপূৰ্ব শৰ্মাৰ গল্প: এটি চমু টোকা
  • হৰেকৃষ্ণ ডেকাৰ 'সানমিহলি বৰ্ণমালা'ৰ সাধনা
  • আশীৰ পৰৱৰ্তী অসমীয়া কবিতা/১৪২
  • হৰেকৃষ্ণ ডেকাৰ ইংৰাজীলৈ অনূদিত কাব্যগ্ৰন্থ 'ছি-স্কেয়াৰ'ৰ পাতনি/১৬৪

সম্পাদনা কৰক

  • ৰোমাণ্টিচিৰ অ-আ
  • লাতিন আমেৰিকাৰ সাহিত্য-সংস্কৃতি, যাদুকৰী বাস্তৱ আৰু গেব্ৰিয়েল গাৰ্টিয়া
  • মাৰ্কেজ
  • কথাস্তৰ: আমি আৰু ডন কিহতে/আমি ডন কিহতে
  • বৰ্হেছৰ সপোনৰ বাঘ আৰু কিছুমান আন কথা
  • অৰ্হান পামুকৰ 'মাই নেইম্ ইজ ৰে'ড্'
  • 'ছেইলিং টু বাইজানটিয়াম': পামুকৰ সন্ধানত
  • মিচেল ফুকো
  • ৰ'লা বাৰ্থ
  • 'পেৰিছ ৰিভিউ'ৰ সাক্ষাৎকাৰ

সম্পাদনা কৰক

  • কল্পনাতে যদি চৰিত্ৰ দিব খোজে সি 'ফ্লেট' হৈ যাব: মহিম বৰা
  • কথোপকথন: নীলমণি ফুকনৰ সৈতে
  • অধ্যয়নপ্ৰীতি আৰু ব্যক্তিগত পুথিভঁৰাল, কথোপকথন: জীৱন নৰহ

সম্পাদনা কৰক

  • হেম বৰুৱাৰ ৰামধেনু-প্ৰতিভাৰ সোঁৱৰণত
  • জাক্ ডেৰিডা: ব্যক্তিগত শ্ৰদ্ধাঞ্জলি
  • মহেন্দ্ৰ বৰা: এটি দুখৰ কবিতা[2]

আলোচনা আৰু মন্তব্য সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. প্ৰভাত বৰা. যথাৰীতি. আঁক-বাক. পৃষ্ঠা. পচ্ছদ পৃষ্ঠা. 
  2. প্ৰভাত বৰা (২০১৩). যথাৰীতি. আঁক-বাক. পৃষ্ঠা. সূচীপত্ৰ.