শইকীয়া (ইংৰাজী: Saikia) হৈছে আহোম ৰাজ্যআহোম সেনাবাহিনীপাইক কৰ্মচাৰী[1]। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

উৎপত্তি সম্পাদনা কৰক

শইকীয়া উপাধিটো আহোম ৰজাই দিয়া। শ মানে হৈছে এশ। অৰ্থাৎ এশ সৈন্য পৰিচালনা কৰা বিষয়াজনক শইকীয়া উপাধি দিয়া হৈছিল।

পৌৰাণিক কালত ব্যৱহাৰ সম্পাদনা কৰক

আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক (এজন সৈন্য) হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। এশজন পাইক পৰিচালনা কৰা বিষয়া জনক শইকীয়া বোলা হৈছিল। শইকীয়াক নিযুক্তি দিয়াটো ফুকন (৬০০০ পাইকৰ পৰিচালনা কৰা বিষয়া) আৰু ৰাজখোৱা (২০০০ পৰা ৩০০০ পাইকৰ পৰিচালনা কৰা বিষয়া)ৰ দায়িত্ব আছিল। পাইক সকলে শইকীয়াক বৰ্জন কৰিবলৈ অধিকাৰ দিয়া হৈছিল আৰু পচন্দৰ কোনো এজন বিষয়া নিযুক্তি দিবৰ বাবে অনুৰোধ কৰিব পাৰিছিল। পাইকৰ ধৰ্ম বা গোষ্ঠী বিচাৰ নকৰাকৈ ইয়াৰ নিযুক্তি দিয়া হৈছিল।

সাম্প্ৰতিক কালত ব্যৱহাৰ সম্পাদনা কৰক

বৰ্তমান এই উপাধিটো অসমৰ হিন্দু আৰু মুছলিম লোকসকলে ব্যৱহাৰ কৰে। হিন্দু ধৰ্মৰ লোকসকলৰ ভিতৰত, শইকীয়া উপাধিটো বিভিন্ন জাতিৰ মাজত দেখিবলৈ পোৱা যায়। যেনে - আহোম, চুতীয়া, কছাৰী, কৈৱৰ্ত, কোঁচ, কেওট, কায়স্থ, কলিতা।

শইকীয়া উপাধিৰ প্ৰসিদ্ধ ব্যক্তি সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

  1. Kakoty, Sanjeeb (2003) (en ভাষাত). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735. https://books.google.co.in/books?id=6DtuAAAAMAAJ&q=Technology,+Production+And+Social+Formation+In+The+Evolution+Of+The+Ahom+State&dq=Technology,+Production+And+Social+Formation+In+The+Evolution+Of+The+Ahom+State&hl=en&sa=X&ved=0ahUKEwikmaqci4TiAhXGAnIKHXx8DVMQ6AEIKDAA.