শিৱসাগৰৰ শিৱদৌল

ভাৰতৰ মন্দিৰ


শিৱদৌল শিৱসাগৰ জিলাৰ, শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ ক'লচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল[উদ্ধৃতিৰ প্ৰয়োজন]। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) ।দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় ৮ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা হয়। শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

শিৱ দৌল

শিৱসাগৰৰ শিৱদৌল
শিৱ দৌল is located in Assam
শিৱ দৌল
অসমত স্থান
ভূ-স্থানাংক 26°59′N 94°37′E / 26.983°N 94.617°E / 26.983; 94.617
নাম
অন্য নাম শিৱদৌল
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শিৱসাগৰ
এলেকা শিৱসাগৰ বৰপুখুৰীৰ পাৰত
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ শিৱৰাত্ৰি
স্থাপত্য শৈলী আহোম
মন্দিৰৰ সংখ্যা দুই
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
আহোম ৰজা শিৱসিংহৰ সময়ত
প্ৰতিস্থাপক শিৱসিংহ
শিৱদৌলৰ বেৰত খোদিত ভাষ্কৰ্য্য

তথ্য সংগ্ৰহ সম্পাদনা কৰক