শুভা খোটে

ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী

শুভা বালসাৱৰ (ইংৰাজী: Shubha Balsavar Khote; জন্ম: খোটে, ৩০ আগষ্ট ১৯৩৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। কেইবাখনো হিন্দী আৰু কিছু সংখ্যক মাৰাঠী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ সাঁতোৰ আৰু চাইক্লিঙৰ প্ৰাক্তন মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন।

শুভা বালসাৱৰ খোটে

আই.টি.এ. বঁটা প্ৰদান অনুষ্ঠানত খোটে, ২০১০
জন্ম ৩০ আগষ্ট, ১৯৩৭ (৮৬ বছৰ)
বোম্বে, বোম্বে প্ৰেছিডেন্সি, বৃটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা অভিনেত্ৰী
জনা যায় চলচ্চিত্ৰ আৰু মঞ্চনাট
দাম্পত্যসঙ্গী D.M. Balsavar (বি. ১৯৬০)
সন্তান ২ জন (ভাৱনা বলসাৱৰকে ধৰি)
জীয়েক ভাৱনাৰ সৈতে শুভা খোটে
ভায়েক বিজু খোটেৰ সৈতে শুভা

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

এটা মাৰাঠী-কোংকনী পৰিয়ালত জন্মগ্ৰহণ কৰা শুভা খোটেৰ জন্ম হৈছিল। দেউতাক আছিল প্ৰখ্যাত মাৰাঠী নাট্য ব্যক্তিত্ব নন্দু খোটে। মাক আছিল কৰ্ণাটক ৰাজ্যৰ মাংগালোকৰৰ এগৰাকী মহিলা। অভিনেতা বিজু খোটে তেওঁৰ ভায়েক।[1] প্ৰবীণ অভিনেত্ৰী দুৰ্গা খোটে আছিল শুভাৰ খুৰীয়েক, অৰ্থাৎ দেউতাকৰ ভায়েকৰ পত্নী। শুভাৰ মাতৃৰ পক্ষীয় ককাক ময়মপল্লীও এজন অভিনেতা আছিল।[2]

শুভা খোটে চাৰ্নি ৰোডৰ ছেইণ্ট টেৰেছা হাইস্কুল আৰু ছেইণ্ট কলম্বা স্কুলত (গামদেৱী) অধ্যয়ন কৰিছিল। ছোৱালী হিচাপে তেওঁ সাঁতোৰ আৰু চাইকেল চলোৱাত পাৰদৰ্শিতা দেখুৱাইছিল। সেই যুগত অতি কম সংখ্যক নাৰীয়েহে এনে খেলৰ প্ৰতি সাহস দেখুৱাব পাৰিছিল। ১৯৫৫ চনৰ পৰা ১৯৫৫ চনলৈ তেওঁ একেৰাহে তিনি বছৰ সাঁতোৰ আৰু চাইকেল চালনাৰ মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি উইলছন কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।

মাংগালোৰৰ ডি.এম. বালসাৱৰৰ লগত শুভাৰ বিয়া হয়। তেওঁৰ মাকো আছিল মাংগালোৰৰ জীয়াৰী। বালসাৱৰ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ কৰ্প’ৰেট ‘নোচিল’ৰ মাৰ্কেটিঙৰ ভাইচ-প্ৰেচিডেণ্ট আছিল।[3] বালসৱৰে মাৰাঠী চিনেমা ছিমুক্লা পহুনাত (১৯৬৮) এটা কেমিও চৰিত্ৰত অভিনয় কৰে, যিখন ছবিৰ প্ৰযোজনা আৰু পৰিচালনা শুভাৰ আছিল।[2] তেওঁলোকৰ কন্যা ভাৱনা বলসাৱৰ এগৰাকী টিভি অভিনেত্ৰী।[4]

কৰ্মজীৱন সম্পাদনা কৰক

৪ বছৰ বয়সত শিশু শিল্পী হিচাপে তেওঁৰ মঞ্চাভিষেক ঘটে।[5] তেওঁৰ প্ৰথম ছবি সীমা (১৯৫৫)। ইয়াত তেওঁ পুতলী নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল। এগাৰীক চাইক্লিষ্ট হিচাপে তেওঁ বহুল পৰিচিত আছিল, যাৰবাবে তেওঁক সীমাৰ বাবে কাষ্টিং কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁ বহু সংখ্যক হিন্দী আৰু মাৰাঠী চিনেমা, মঞ্চ অনুষ্ঠান, টিভি ধাৰাবাহিক আদিত অভিনয় কৰিছে। তেওঁ বেছিভাগেই মেহমুদৰ বিপৰীতে অভিনয় কৰিছিল আৰু এই যুটিটো শশুৰাল, ভৰোছা, জিদ্দি, ছোটি বেহেন, সাঁঝ ঔৰ সবেৰা লাভ ইন টকিঅ’ , গ্ৰহস্তি, হমৰাহী আৰু বেটি বেটে ছবিত হিট হৈছিল। পেয়িং গেষ্ট আৰু এক দুজে কে লিয়ে ছবিত তেওঁ নেতিবাচক চৰিত্ৰত অভিনয় কৰে। ১৯৬২ চনত নৱম ফিল্মফেয়াৰ বঁটাত তেওঁ ঘৰানা আৰু শশুৰালৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ দুটাকৈ মনোনয়ন লাভ কৰে যদিও নিৰুপা ৰয়ৰ হাতত পৰাস্ত হয়।[6]

তেওঁ হেৰা ফেৰী, হাম দোনো, বেচেলৰছ্ ৱাইফছ্ আৰু লেটছ ডু ইট (২০০০) আদি কমেডী নাটক পৰিচালনা কৰিছে।[5][7] মুম্বাই আৰু ঔৰংগাবাদত মাৰাঠী নাটক ঘোলাট ঘোলৰ পৰা অভিযোজিত, তেওঁৰ ঘৰুৱা প্ৰযোজনা বেচেলৰছ ৱাইভছৰ ৪০টাতকৈও অধিক দৰ্শনীত অভিনয় কৰিছিল। তেওঁৰ টিভি শ্ব’ জবান সম্ভালকে অতি জনপ্ৰিয় হৈছিল।[8]

তেওঁ জি মাৰাঠীৰ মাৰাঠী টিভি চিৰিয়েল একা লগনাচি তিসৰি গোষ্ঠাতো কাম কৰিছে।[9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক