শ্ৰীকান্ত শাস্ত্ৰী (ইংৰাজী: Srikanth Sastry) এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ ব'ষ্টন বিশ্ববিদ্যালৰৰ এজন প্ৰাক্তন শিক্ষাৰ্থী। ২০০৮ চনত তেওঁক আৰু ৰঘূনাথন শ্ৰীআনন্দক পদাৰ্থ বিজ্ঞানৰ শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা (ইংৰাজী: Shanti Swarup Bhatnagar Prize for Science and Technology) আগবঢ়োৱা হৈছিল।

শ্ৰীকান্ত শাস্ত্ৰী
বাসস্থান ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
শিক্ষানুষ্ঠান ব'ষ্টন বিশ্ববিদ্যালয়
উল্লেখনীয় বঁটা শান্তি স্বৰূপ ভাটনাগৰ বঁটা

অধ্যাপক শাস্ত্ৰীয়ে ১৯৯৩ চনত ব'ষ্টন বিশ্ববিদ্যালৰৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়National Institutes of Health-ত প'ষ্ট-ডক্টৰেল গৱেষক হিচাপে কৰ্মৰত আছিল। ১৯৯৮ চনত তেওঁ বাংগালোৰৰ জাক্কুৰত অৱস্থিত জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত ফেকাল্টী ফেল' হিচাপে যোগদান কৰে। ২০০৩ চনত তেওঁ একে প্ৰতিষ্ঠানতে সহযোগী অধ্যাপক আৰু ২০০৮ চনৰ পৰা অধ্যাপক হিচাপে কৰ্মৰত আছিল। তেওঁ জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত তাত্ত্বিক বিজ্ঞান এককৰ অধ্যাপক আছিল। শেহতীয়াকৈ ২০১২ চনত তেওঁ হায়দৰাবাদৰ টি আই এফ আৰ চেণ্টাৰ ফৰ ইণ্টাৰডিচিপ্লিনাৰী চায়েন্স (ইংৰাজী: Tata Institute of Fundamental Research, Centre for Interdisciplinary Sciences (TCIS))ত অধ্যাপক হিচাপে যোগদান কৰি বৰ্তমান তাতে কৰ্মৰত।

অধ্যাপক শাস্ত্ৰীৰ গৱেষণাৰ ক্ষেত্ৰ হৈছে:

  • Slow dynamics in super cooled liquids and glass transition
  • Metastable liquids
  • Phase transitions and kinetics of phase transformation
  • Statistical geometry
  • Anomalous thermodynamic and dynamic properties of water and other network forming liquids
  • Statistical mechanics of biomolecular systems.

বঁটা সন্মান সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক