সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম

সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম (ইংৰাজী: Satindra Mohan Dev Stadium) হৈছে এখন বহুমুখী ষ্টেডিয়াম৷ ষ্টেডিয়ামখন অসমশিলচৰত অৱস্থিত৷ পূৰ্বতে ইয়াক জিলা ক্ৰীড়া সন্থা ষ্টেডিয়াম বুলি জনা গৈছিল৷ আভ্যন্তৰীন ব্যৱস্থা আৰু আন্তঃগাঁঠনিৰ ব্যাপক উন্নতি সাধন কৰাৰ পাছত ইয়াক সন্তোষ মোহন দেৱৰ পিতৃৰ নামেৰে নামকৰণ কৰা হয়৷ ষ্টেডিয়ামখনত প্ৰধানকৈ ফুটবল আৰু ক্ৰিকেট খেল খেলা হয়৷ বৰ্তমান ইয়াৰ আসনৰ সংখ্যা হৈছে ৩০,০০০৷[1] এইখন ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত এখন এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল৷[2] ইয়াৰ লগতে এইখন ষ্টেডিয়ামত ৰঞ্জি ট্ৰফী আৰু দুলীপ ট্ৰফীৰ খেলো অনুষ্ঠিত হৈছিল৷ ষ্টেডিয়ামৰ ফ্লাডলাইটবোৰ ২০০৮ চনত ভাৰত হেভী ইলেক্ট্ৰিক লিমিটেড-এ সংযোজিত কৰিছিল৷ [3]

সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম
খেলপথাৰৰ তথ্য
স্থাপন TBA
আসন সংখ্যা ৩০,০০০
স্বত্বাধিকাৰী শিলচৰ জিলা ক্ৰীড়া সন্থা
ব্যৱহাৰ কৰোঁতা অসম ক্ৰিকেট দল
অন্তিম নাম
n/a
n/a
আন্তঃৰাষ্ট্ৰীয় খেলৰ তথ্য
একমাত্ৰ মহিলাৰ এদিনীয়া ক্ৰিকেট 7 December 2005:
 ভাৰত v  ইংলেণ্ড
দলৰ তথ্য
অসম ক্ৰিকেট দল
8 December 2019 তাৰিখৰ তথ্য
উৎস: Cricketarchive

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল সম্পাদনা কৰক

ক্ৰমাংক দল (A) দল (B) বিজেতা ব্যৱধান বৰ্ষ
  ভাৰত   ইংলেণ্ড   ভাৰত দহ উইকেটৰ ব্যৱধানত ২০০৫

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

স্থানাংক: 24°49′47.12″N 92°47′55.91″E / 24.8297556°N 92.7988639°E / 24.8297556; 92.7988639