সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) এগৰাকী চলচ্চিত্ৰ সমালোচক,[1][2][3] নাট্য সমালোচক,[4][5][6][7] নাট্যকাৰৰ[8][9] লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক৷[10]

সুব্ৰত জ্যোতি নেওগ
জন্ম ১৯৮৪ (বয়স ৩৯–৪০)
যোৰহাট
পেচা অধ্যাপক, চলচ্চিত্ৰ সমালোচক, নাট সমালোচক, নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা পি.এইচ.ডি
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী মহাবিদ্যালয়
ধৰণ অসমীয়া সাহিত্য
বিষয় সমালোচনা সাহিত্য
দাম্পত্যসংগী ঋতুপৰ্ণা বৰা সুব্ৰত
সন্তান সাৰস্বত নেওগ

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৯৮৪ চনৰ ১ আগষ্টত যোৰহাট জিলাৰ পানীচকুৱা অঞ্চলৰ বৰখঙীয়া গাঁৱত ড° সুব্ৰতজ্যোতি নেওগৰ জন্ম হয়। পিতৃ সুৰেন নেওগ আৰু মাতৃ স্মৃতিৰেখা নেওগ।

শিক্ষা সম্পাদনা কৰক

নেওগে টিঙিৰীমৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০০৬ চনত গুৱাহাটী কলেজৰ পৰা প্ৰথম শ্ৰেণী প্ৰথম হৈ অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমীয়া বিষয়ত স্বৰ্ণ পদক লাভ কৰে। তেওঁ ইংৰাজী বিষয়তো স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত লীলাৱতী শইকীয়া বৰাৰ তত্ত্বাৱধানত 'The language of Homen Borgohain's Prose: A Study in the light of Stylistics'[11] বিষয়ত পিএইচ.ডি লাভ কৰে।

কৰ্ম জীৱন সম্পাদনা কৰক

তেওঁ শিৱসাগৰৰ হেমচন্দ্ৰ দেৱ গোস্বামী‌ মহাবিদ্যালয়ত[12] ২০১০ চনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। তেওঁ ২০২০ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে আৰু তেওঁ এই বিভাগৰ প্ৰতিষ্ঠাপক বিভাগীয় মুৰব্বী।

সাহিত্যিক জীৱন সম্পাদনা কৰক

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

তেখেতৰ প্ৰবন্ধসমূহ [6][7] গ্ৰন্থকাৰেও প্ৰকাশিত হৈছে। সেইসমূহ হ'ল-

  1. সাহিত্য সংস্কৃতিৰ সুবাস (২০১০)
  2. তপস্বিনী (ড° মামণি ৰ়ছম গোস্বামীৰ জীৱন আৰু সাহিত্যৰ ওপৰত আধাৰিত) (২০১২)
  3. চলচ্চিত্ৰ সাহিত্য (২০১৪)
  4. শৈলীবিজ্ঞান আৰু অসমীয়া সাহিত্য শৈলী (২০১৫)
  5. সাম্প্ৰতিক ভাৰতীয় চলচ্চিত্ৰ (২০১৯)

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  1. ভাৰতীয় নাট্ক পৰম্পৰা আৰু পৰিৱৰ্তন (২০১২)
  2. Indian drama tradition and translation (2012)[13]
  3. জ্যোতিৰ জোনাকী বাটেদি -একবিংশ শতিকাৰ নিৰ্বাচিত অসমীয়া নাটক (২০২২)

আনুষ্ঠানিক পদবী সম্পাদনা কৰক

  1. মুৰব্বী,অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়
  2. সদস্য, অসমীয়া অধ্যয়ন পৰিষদ, উত্তৰ পূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয়, মেঘালয় ২০২১-২০২৪

উল্লেখযোগ্য বঁটা আৰু স্বীকৃতি সম্পাদনা কৰক

  1. শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক, নৰ্থ ইষ্ট প্ৰাগ চিনে এৱাৰ্ড, ২০১৫
  2. জুৰী সদস্য, ইণ্ডিয়ান পেনোৰোমা, ২০২১ [1][3]
  3. অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০২৩-ৰ চিনেমা সম্পৰ্কীয় শ্ৰেষ্ঠ লেখাৰ বাবে 'পবিত্ৰ কুমাৰ ডেকা বঁটা' [2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Delhi, PIB (6 November 2021). "Indian Panorama Announces Official Selection for 52nd IFFI, 2021". https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1769681. 
  2. 2.0 2.1 Assam, Calling (11 March 2023). "8th Assam State Film Awards, 2023 Awardees for the year-2018 and 2019 - Assam Calling". https://assamcalling.com/8th-assam-state-film-awards-2023-awardees-for-the-year-2018-and-2019/. 
  3. 3.0 3.1 Odisha, Pragativadi (5 November 2021). "Indian Panorama Announces Official Selection for 52nd IFFI 2021". https://pragativadi.com/indian-panorama-announces-official-selection-for-52nd-iffi-2021/. 
  4. Datta, Utpal (2021) (English ভাষাত). Film Appreciation. Blue Rose Publishers. পৃষ্ঠা. 152. ISBN 978-9354724343. https://books.google.com/books?id=IGZHEAAAQBAJ&dq=%22Subrat+Jyoti+Neog%22+-wikipedia&pg=PA152. 
  5. Bhagawati, Dipsikha (2022) (English ভাষাত). Literature and Film: From mute to motion. Manda Publishers. পৃষ্ঠা. 13. ISBN 978-9395174022. https://books.google.com/books?id=RjijEAAAQBAJ&dq=%22Subrat+Jyoti+Neog%22+-wikipedia&pg=PA13. 
  6. 6.0 6.1 Neog, Subrat Jyoti (July–September 2022). Mazumdar, Premendra. ed. "Mukti and Tare Zameen Par: An Intertextual Study". E-CineIndia খণ্ড 15. ISSN 2582-2500. https://fipresci-india.org/wp-content/uploads/2022/10/7.-Subrat-Jyoti-Neog-Mukti-and-Tare-Zameen-Par-Article.pdf. 
  7. 7.0 7.1 Neog, Subrat Jyoti (January–March 2023). Mazumdar, Premendra. ed. "Akashitarar Kathare: A Significant Addition to the Tradition of Indian Women-centric Films". E-CineIndia খণ্ড 17. ISSN 2582-2500. https://fipresci-india.org/wp-content/uploads/2023/04/Subrat-Jyoti-Neog-Akashitarar-Kathare.pdf. 
  8. Guwahati, AIR (12 April 2022). "Radio Play || Nandini (in Assamese)". YouTube. https://www.youtube.com/watch?v=LyANqni9EO0. 
  9. YouTube, India (28 October 2019). "Assamese One Act Play- Aprapti". YouTube. https://www.youtube.com/watch?v=GaSot_Wt3Uc. 
  10. University, Tezpur (2022). "Profile || Subrat Jyoti Neog". Tezu.ernet.in. https://www.tezu.ernet.in/das/sjn.html. 
  11. Shodhganga, a Reservoir of Indian Theses (31 December 2014). "Homen Borgohainir Gadaya Sahityar Bhasa Ek Sailibijnanbhittik Adhyayan (in Assamese)". https://shodhganga.inflibnet.ac.in:8443/jspui/handle/10603/115345. 
  12. YouTube, India (5 July 2016). "Sibsagar's H.C.D.G College Documentary by Dr. Subrat Jyoti Neog". YouTube. https://www.youtube.com/watch?v=WObI7zGvffw. 
  13. Books, Way (2014). Indian Drama: Tradition and Transition. Books Way. ISBN 978-93-81672-78-5. https://books.google.com/books?id=vSx6vgAACAAJ.