সৰুসজাইত বিহু নৃত্যৰে অভিলেখ

বিশ্ব অভিলেখ


২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়াক্ষেত্ৰত ১১,৩০৪ জনীয়া বিহুৱা-নাচনীৰ দলে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি এক নতুন বিশ্ব অভিলেখৰ সৃষ্টি কৰে।[1][2][3] এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ সদস্যসকল আৰু লণ্ডনত অৱস্থিত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধি ঋষি নাথ উপস্থিত থাকে।[2] এই অনুষ্ঠানটোৰ জৰিয়তে দুটা বিশ্ব অভিলেখ স্থাপন হয়: প্ৰথমটো হৈছে ১১,৩০৪ গৰাকী বিহুৱা-নাচনীৰে একেলগে কৰা বিহু নৃত্য আৰু দ্বিতীয়টো হ'ল ২,৫৪৮জন ঢুলীয়াৰ দ্বাৰা একেলগে কৰা ঢোলবাদন।[2][4][3] বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানৰ আয়োজক আছিল অসম চৰকাৰ[3] মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মতে এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যে অসমৰ থলুৱা সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক